অসম

assam

By

Published : May 6, 2022, 6:01 PM IST

ETV Bharat / state

মহানগৰীৰ বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অগ্নিকাণ্ড

মহানগৰীৰ বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অগ্নিকাণ্ড (Fire breaks out at Bank of Baroda regional office) ৷ অগ্নিকাণ্ডৰ ফলত বেংকৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ ভস্মীভূত ৷

fire-at-bank-of-baroda-regional-office-at-bhangagarh-in-guwahati
মহানগৰীৰ বেংক অফ বৰোদা ক্ষেত্ৰীয় কাৰ্যালয়ত অগ্নিকাণ্ড

গুৱাহাটী, 6 মে' :ভয়াৱহ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল মহানগৰীৰ ভঙাগড়স্থিত বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয় (Fire breaks out at Bank of Baroda regional office in Guwahati)। জানিব পৰা মতে, শুক্ৰবাৰে দিনৰ প্ৰায় 3 বজাত বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পাঁচমহলীয়া অট্টালিকাটোৰ তলৰ গুদামৰ পৰাই জুইৰ সূত্ৰপাত ঘটে । প্ৰথম মহলাত আছিল বেংকৰ কাৰ্যালয় ।

গুডামত জুই লগাৰ পিছতে চাৰিওফালে ধোৱাময় পৰিৱেশ সৃষ্টি হোৱাৰ বাবে কৰ্মচাৰী তথা স্থানীয় লোকৰ মাজত লৰাধপৰাৰ সৃষ্টি হয় । ইফালে, ঘটনাৰ কিছু সময় পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন আহি জুই নিৰ্বাপন কৰাত বেংকটোৰ লগতে অট্টালিকাটোত থকা নেচনেল ইঞ্চুৰেন্সৰ কাৰ্যালয়, বাটা শ্বৰুম আৰু অট্টালিকাটোৰ কাষতে থকা ভৱিষ্য নিধিৰ কাৰ্যালয়টো কথমপি ৰক্ষা পৰে ।

মহানগৰীৰ বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ত অগ্নিকাণ্ড

ইফালে, এই অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি নহ'লেও বেংকৰ গুদামটোত থকা জৰুৰী নথি-পত্ৰসমূহ জুইত জাহ যায় ৷

ইফালে, ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ঘনশ্যাম চৌধুৰীয়ে কয় যে, ঘটনাটো নিশা সংঘটিত হোৱা হ'লে ভয়ংকৰ বিপদ হ'লেহেঁতেন । এই সন্দৰ্ভত তদন্ত কৰা হ'ব । ইয়াৰ লগতে তেওঁ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই বুলি সদৰি কৰে । মন কৰিবলগীয়া যে, অট্টালিকাটোত অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে থকা দুৰ্যোগ ব্যৱস্থা সম্পূৰ্ণ বিকল হৈ থকাৰ তথ্য পোহৰলৈ আহিছে । সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিছপুৰ কলেজৰ 76 লাখ টকা বেংক অফ বৰোদাৰ দিছপুৰ শাখাৰ (Scam of Dispur college bank money) পৰা হৰলুকি হোৱা ঘটনাৰ (Fraud stole Dispur college fund) পিছতে ভঙাগড়স্থিত বেংক অফ বৰোদাৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ গুডামত ৰহস্যজনকভাবে সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক :দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

ABOUT THE AUTHOR

...view details