অসম

assam

প্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ

By

Published : May 20, 2020, 10:19 PM IST

অসমৰ এন আৰ চিৰ উন্নীতকৰণৰ অচিলা লৈ ব্যাপক দুৰ্নীতি সংঘটিত কৰা এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এখনৰ পিচত এখনকৈ এজাহাৰ দি চৰকাৰক অৱগত কৰি থকা হৈছে যদিও এই সন্দৰ্ভত হোৱা নাই সঠিক তদন্ত নোহোৱাৰ অভিযোগ অসম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাৰ ৷

FIR submitted to CBI by Assam public works seeking investigations against Prateek Hajela
প্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ

গুৱাহাটী, 20 মে': উইপ্ৰ আৰু প্ৰাক্তন এন আৰ চি অসমৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ ৷ এই কথা জনালে অসম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই ৷ সভাপতি গৰাকীয়ে জনোৱা অনুসৰি অসমৰ এন আৰ চিৰ উন্নীতকৰণৰ অচিলা লৈ ব্যাগোম দুৰ্নীতি সংঘটিত কৰা এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে এখনৰ পিচত এখনকৈ এজাহাৰ দি চৰকাৰক অৱগত কৰি থকা হৈছে যদিও এই সন্দৰ্ভত সঠিক তদন্ত হোৱা নাই ৷ উপযুক্ত তথ্য দি এজাহাৰ দাখিল কৰাৰ পাচতো কেন্দ্ৰীয় বা ৰাজ্যিক কোনো এটি তদন্তকাৰী সংস্থাই ইয়াক গুৰুত্বসহকাৰে লৈ তদন্ত কৰা দৃষ্টিগোচৰ নহল বুলিও অভিযোগ উত্থাপন কৰে অসম পাব্লিক ৱর্কছৰ সভাপতি গৰাকীয়ে ৷ আনকি যথেষ্ট তথ্য দি এজাহাৰ দাখিল কৰাৰ পাছতো সামান্য ভাষ্য এটা লবলৈও প্ৰশাসনৰ তৰফৰ পৰা যোগাযোগ নকৰাৰ বিষয়টো অধিক সন্দেহজনক হৈ পৰিছে বুলি প্ৰকাশ কৰে অভিজিৎ শর্মাই ৷

অভিযোগ অনুসৰি ছফটৱেৰ সংস্থাপনৰ নামত আৰু জেনেৰেটৰ সংস্থাপনৰ নামত উইপ্ৰ নামৰ প্ৰতিষ্ঠানটোক প্ৰতীক হাজেলাই যিবোৰ ৱৰ্ক অর্ডাৰ দিছিল সেইবোৰ অত্যন্ত সন্দেহজনক আৰু যাবতীয় পৰীক্ষা নিৰীক্ষা অবিহনেই সেইবোৰৰ বিপৰীতে কৌটি কৌটি টকাৰ বিল আদায় দিয়া হৈছিল । লগতে এনে বহুটো সন্দেহজনক ৱৰ্ক অর্ডাৰ মজুত থকাৰ কথাও জনালে অসম পাব্লিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মাই ৷ উল্লেখ্য যে, বুধবাৰে দাখিল কৰা এজাহাৰ খনৰ সতে উইপ্ৰ আৰু প্ৰাক্তন এন আৰ চি অসমৰ সমন্বয়ক প্ৰতীক হাজেলাই কৰি দৰে মিতিৰালিৰে দুৰ্নীতি সংঘটিত কৰিছিল সেই তথ্য দাখিল কৰা হৈছে ৷

লগতে পঢ়কঃ খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

TAGGED:

ABOUT THE AUTHOR

...view details