গুৱাহাটী,৩ মে':কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা বিৰোধী ঐক্য সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ বাবে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বুধবাৰে প্রদেশ কংগ্ৰেছে দাখিল কৰে এখন এজাহাৰ(FIR lodged against Badruddin Ajmal) । প্রদেশ কংগ্ৰেছ, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰাজ্যৰ আন দহটা দলক কটাক্ষ কৰি অতি অশালীন আৰু অগণতান্ত্রিক শব্দ ব্যৱহাৰ কৰি সাংসদ আজমলে মঙলবাৰে বক্তব্য কৰিছিল ।
বিৰোধী ঐক্যক আজমলে 'হিজৰা' আখ্যা দিছিল । আজমলৰ এনে বক্তব্যৰ বিৰুদ্ধে প্রদেশ কংগ্ৰেছৰ বিৰোধী ঐক্য প্ৰক্ৰিয়াৰ মুখ্য সমন্বয়ক তথা দলৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই ভঙাগড় থানাত দাখিল কৰে এখন এজাহাৰ । এজাহাৰ যোগে এ আই ইউ ডি এফৰ নেতাগৰাকীৰ এনে অশিষ্ট আচৰণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰদেশ কংগ্ৰেছে (Manjit Mahanta react on Ajmal Controversy) ।
মনজিৎ মহন্তৰ সৈতে দলৰ সাধাৰণ সম্পাদকত্ৰয় ক্ৰমে ৰামান্না বৰুৱা, বিপুল গগৈ আৰু আনোৱাৰ আহমেদ, উপ-সভানেত্রী বালিকা লাহন পেগু, জ্যেষ্ঠ মুখপাত্র কুশল কুমাৰ শৰ্মা, উপ-সভাপতি গুণ গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ এটা বৃহৎ দলে ভঙাগড় থানাত উপস্থিত হৈ আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (FIR lodged against Ajmal) । এজাহাৰ দাখিল কৰি সাংবাদিকৰ আগত মনজিৎ মহন্তই কয় যে এগৰাকী সাংসদৰ মুখত এনে অশ্রাব্য, অশালীন শব্দ শোভা নাপায় ।