গুৱাহাটী, ৮ আগষ্ট: নিকলছ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধাশিখা দাসৰ আকস্মিকভাবে মৃত্যু ঘটাৰ পিছতে মঙলবাৰে সন্ধিয়া বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে পিতৃয়ে । সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে পিতৃয়ে । বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন ভুক্তভোগী পিতৃৰ(School authorities allegedly tried to cover up the whole incident) ।
উল্লেখ্য যে,গৰমৰ বন্ধ খোলাৰ পিছত ৪ আগষ্টৰ পৰা আৰম্ভ হৈছিল বিদ্যালয়খনৰ পাঠদান । প্ৰখৰ ৰ’দ সত্বেও বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক এঘণ্টা পৰ্যন্ত থিয় কৰাই প্ৰাৰ্থনা আৰু শোক সভা অনুষ্ঠিত কৰিছিল । 4 আগষ্টৰ দিনা কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ পিছতো স্কুল কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মৃত স্নিগ্ধাশিখাৰ পিতৃয়ে ।
আনকি ৰ'দত ঢলি পৰা শিক্ষাৰ্থীসকলক বিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ চিকিৎসা প্ৰদান বা অভিভাৱকৰ সৈতে খবৰ কৰাৰ পৰিৱৰ্তে মূৰত অলপ পানী ছটিয়াই পুনৰ ৩/৪ টা ক্লাচ কৰোৱাইহে ঘৰলৈ পঠিয়াই বুলি অভিযোগৰ আঙুলি উঠিছে ৷ বিদ্যালয় ছুটীৰ পিছত স্কুলবাছ আৰু ঘৰতো বমি কৰে স্নিগ্ধাশিখাই ।