গুৱাহাটী, 27 আগষ্ট: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI ৰ বিৰুদ্ধে এইবাৰ দাখিল হ’ল এজাহাৰ । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত যাতায়াত ব্যৱস্থা অসহনীয় তথা বিপদজনক হৈ পৰিছে । ৰাইজে NHAI ৰ বিৰুদ্ধে ক্ষোভ উজাৰি অহাৰ সময়তে শেহতীয়াকৈ এজন লোকে নেলী থানাত দাখিল কৰিছে এজাহাৰ ।
নিয়মীয়াকৈ টোলকৰ সংগ্ৰহৰ পিছতো ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰাৰ ফলত বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ ক্ষুণ্ণ হৈ গুৱাহাটীৰ ইছমাইলুৰ ৰহমান নামৰ ব্যৱসায়ী এজনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে শেহতীয়াকৈ নেলী থানাত দাখিল কৰিছে এজাহাৰ । গুৱাহাটীৰ ইছমাইলুৰ ৰহমান নামৰ ব্যৱসায়ীজনে যোৱা মাহৰ শেষৰ ভাগত নেলী থানাত এজাহাৰ দাখিল কৰি NHAI ৰ বিৰুদ্ধে একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।
ব্যৱসায়ী ৰহমানে ক’হিমাৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতে নেলী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা গাঁতৰ বাবে তেওঁৰ বিলাসী মাৰ্চিডিজৰ দুটা চকাৰ ফুটি যায় । এই ঘটনাত সৌভাগ্যবশতঃ প্ৰাণ ৰক্ষা পৰিছিল ৰহমান আৰু গাড়ীখনত থকা তেওঁৰ পুত্ৰ তথা দুই সতীৰ্থৰ । নিশা সংঘটিত এই ঘটনাৰ পিচত তেওঁ কোনোমতে গুৱাহাটীত উপস্থিত হ'বলৈ সক্ষম হয় ।
পিচদিনা তেওঁ গাড়ীখন মেৰামতি কৰিবলৈ যাওঁতে টায়াৰৰ দোকানীয়ে জানিবলৈ দিয়ে যে বিগত কেইটামান দিনত নেলীৰ উক্ত স্থানত টায়াৰ বিস্ফোৰণ ঘটা কেইবাখনো গাড়ী উক্ত প্রতিষ্ঠানটোলৈ আনি টায়াৰ সলনি কৰিবলগা হৈছে । এই কথা জানিব পাৰি ব্যৱসায়ী ৰহমানে ৰাষ্ট্ৰীয় ঘাইপথৰ এনে দুৰৱস্থাৰ বাবে NHAI ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নেলী থানাত এজাহাৰ দাখিল কৰে । নিয়মীয়াকৈ টোলকৰ আদায় কৰাৰ পিচতো NHAI য়ে ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত আদি মেৰামতি নকৰাৰ পৰিণতিত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে ।
ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ক্ষেত্রত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যে পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয় ।