গুৱাহাটী, 13 ফেব্ৰুৱাৰী :কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অশালীন মন্তব্য কৰি এতিয়া বিৰোধী দলটোৰ ৰোষত পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । শনিবাৰে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ(NSUI) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে(Himanta Biswa's controversial stamentment in Uttarakhand ) । মহাৰাষ্ট্ৰ এন এছ ইউ আইৰ এটা দলক লগত লৈ গৈ এই এজাহাৰ দাখিল কৰে কংগ্ৰেছ নেতাজনে ।
উল্লেখযোগ্য যে, ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক(CM Himanta Biswa targetting Rahul Gandhi) । আনকি সেই নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈও তেওঁ প্ৰশ্ন তুলিছিল(Himanta Biswa's controversial stamentment on Rahul Gandhi's father) । মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে কংগ্ৰেছ দল । অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো ড৹ শৰ্মাক এজন কুৰুচিপূৰ্ণ ব্যক্তি বুলি আখ্যা দি এনেধৰণৰ অশালীন মন্তব্যই তেওঁৰ ভিতৰত লুকাই থকা কলুষিতা প্ৰকট কৰিলে বুলি মন্তব্য কৰিছে ।