গুৱাহাটী, ১৯ অক্টোবৰ :অসমীয়া ভাষাত ক’লা ৰং লগোৱা বাঙালী সংগঠনৰ বিৰুদ্ধে সোচ্চাৰ সদৌ অসম একত্ৰিত যুৱ পৰিষদ । মঙলবাৰে হাতীগাঁও থানাত ভাষা বিৰোধী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু বৰাক ডেম'ক্ৰেটিক য়ুথ ফ্ৰণ্টৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বৰ । এজাহাৰ দাখিল কৰি সংগঠনটোৰ দাবী, ২৪ ঘণ্টাৰ ভিতৰত অসমীয়া ভাষাত ক’লা ৰং সনা দুষ্কতিকাৰীক গ্ৰেপ্তাৰ কৰক ৷
‘কেইটামান পচা আলুৱে যেনেকৈ গোটেই বস্তাটো গেলাই পেলাই, ঠিক তেনেকৈ কেইজনমান তথা-কথিত বঙালী ভাষীৰ বাবে গোটেই বঙালী জাতিটোৱে বদনাম ভাগি হ’ব লগা হয় ৷ সেয়ে এনে লোকক বঙালী জাতিৰ লোকে বহিষ্কাৰ কৰা উচিত’ ৷ এই বুলি ক্ষোভ উজাৰে একত্ৰিত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক বিদ্যুৎ কলিতাই ৷