গুৱাহাটী, ৭ আগষ্ট :ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ফটো হৰ্ডিঙত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটোতকৈও ডাঙৰকৈ লগোৱাক লৈ সমালোচনা কৰি চৰকাৰৰ ৰোষত পৰিছে 'দ্য ক্ৰছ কাৰেন্ট' (The Cross Current) নামৰ এটা নিউজ পৰ্টেল । অতি লক্ষণীয়ভাৱে এই পৰ্টেলটোৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইন ২০০০ ৰ ৬৬ (এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক আৰ্জি দিছে ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগে (Department of Information and Public Relations) ।
বিভাগটোৰ সঞ্চালক অনুপম চৌধুৰীয়ে স্থানীয় দিছপুৰ থানাত এই সন্দৰ্ভত 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে শুকুৰবাৰে এক এজাহাৰ দাখিল কৰিছে । এই ঘটনা সন্দৰ্ভত নিউজ পৰ্টেলটোৱে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, অসমীয়া ডিজিটেল সংবাদ মাধ্যম 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷
আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য-প্ৰযুক্তি আইনৰ ৬৬(এ) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ বাবে আবেদন জনাইছে ৷
এজাহাৰখনত এইবুলিও কোৱা হৈছে যে 'দ্য ক্ৰছ কাৰেন্টে' উদ্দেশ্য প্ৰণোদিতভাৱে জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা (Pijush Hazarika) আৰু তথ্য আৰু জনসংযোগ বিভাগৰ ভাৱমূৰ্তি ম্লান কৰিব বিচাৰিছে ৷ চৰকাৰী বিভাগটোৰ এই অভিযোগ সন্দৰ্ভত 'দ্য ক্ৰছ কাৰেন্ট'ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কোনো মন্ত্ৰী বা কোনো বিভাগৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে 'দ্য ক্ৰছ কাৰেন্টে' বাতৰি পৰিৱেশন কৰা নাই ৷
'দ্য ক্ৰছ কাৰেন্টে' প্ৰশ্ন উত্থাপন কৰিছিল শেহতীয়াকৈ বিতৰ্কৰ আওতাত সোমাই পৰা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হৰ্ডিঙক লৈ ৷ অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক (Lovlina Borgohain) শুভেচ্ছা জ্ঞাপন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ (Gopinath Bardoloi) প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পনেৰে বাটে পথে লগোৱা মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত দুখন হৰ্ডিং শেহতীয়াকৈ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৷
যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ অনুমতি নোলোৱাকৈ ফটো ব্যৱহাৰ নকৰিবলৈ সকীয়নি পৰ্যন্ত দিবলগীয়া হৈছিল ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ আধাৰতে শুকুৰবাৰে প্ৰচাৰিত এটা বাতৰিত 'দ্য ক্ৰছ কাৰেন্টে' প্ৰশ্ন উত্থাপন কৰিছিল যে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জৰিয়তে যদি এই হোৰ্ডিং সমূহ প্ৰচাৰ কৰা হৈছিল, তেনেহ'লে মুখ্যমন্ত্ৰীৰ এই সকিয়নী মন্ত্ৰী পীয়ুষ হাজৰিকালৈ নেকি ?