দিছপুৰ, 6 ছেপ্তেম্বৰঃএন আৰ চিৰ মুখ্য ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে দিছপুৰ থানাত শুকুৰবাৰে এখন এজাহাৰ দাখিল কৰে । হাজেলাৰ গাফিলতি আৰু মইমতালিৰ বাবেই সদ্য প্ৰকাশিত নাগৰিকপঞ্জীত বহু খিলঞ্জীয়া লোকৰ নাম সকলো ধৰণৰ শুদ্ধ নথিপত্ৰ থকা স্বত্বেও অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী উত্থাপন কৰে ।
প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল ! - Pratek Hajela
এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে দিছপুৰ থানাত শুকুৰবাৰে এখন এজাহাৰ দাখিল কৰে । এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ মইমতালি আৰু গাফিলতিৰ বাবে বহু খিলঞ্জীয়া লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱা বুলি দাবী কৰে সংগঠনটোৱে ৷

প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল
প্ৰতীক হাজেলাৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ এজাহাৰ দাখিল
বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে এখনি সংবাদমেল সম্বোধন কৰি এন আৰ চি চূড়ান্ত তালিকাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে এই তালিকাত বহু খিলঞ্জীয়া লোকৰ নাম বাদ পৰি গৈছে। সন্দেহযুক্ত নাগৰিকৰ লগতে ডি ভোটাৰ সকলৰ নাম এই তালিকাত প্ৰকাশ পোৱাৰ বিৰোধিতা কৰি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্ৰদীপ কলিতা আৰু কাৰ্যকৰী সভাপতি মুকুল বৰাই দিছপুৰ থানাত হাজেলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷