গুৱাহাটী, 4 আগষ্ট:শংকৰ আজানৰ দেশ তথা শান্তি-সম্প্ৰীতিৰ মিলনভূমি অসমত যেন একাংশই অশান্তিৰ বিষবাস্প বিয়পোৱাত নামি পৰিছে ৷ বহু সময়ত নিজৰ স্বাৰ্থৰ বাবে এনে নিকৃষ্ট মানসিকতাৰ লোকসকলে সংঘটিত কৰি আহিছে নানা বিভেদমূলক ঘটনা ৷ শেহতীয়াকৈ হাজোৰ টংকে ডেকা নামৰ বজৰংগ দলৰ এগৰাকী সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে এক অভিযোগ ৷ সামাজিক মাধ্যমত এটা বিশেষ সম্প্ৰদায়ক অতি অশ্লীল গালি শপনি পাৰিছিল এইগৰাকী তথাকথিত সংগঠনৰ নেতাই ৷ বজৰংগ দলৰ সদস্য গৰাকীয়ে নেতাগিৰি দেখুওৱাবলৈ গৈ নানা ধৰণে তাচ্ছিল্য কৰিছে এটা সম্প্ৰদায়ক ৷ ইতিমধ্যেই টংকে ডেকাৰ সেই বিশেষ ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ৷ ইয়াৰ পাছতে উক্ত ভিডিঅ'টো সন্দৰ্ভত সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷
উক্ত ঘটনাৰ উচিত তদন্ত বিচাৰি সোমবাৰে কেইবাজনো সচেতন নাগৰিকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ হুকুম চান্দ আলী বক্সি, জিয়াউৰ ৰহমান চহৰীয়া আৰু চামচুল হক নামৰ তিনিজন লোকে এই আবেদন জনাই ঘটনাৰ উচিত তদন্তৰ বাবে আহ্বান জনোৱাৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ বাবে দাবী জনাই ৷