অসম

assam

ETV Bharat / state

এফালে বিত্তীয় সংকট,আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি - নিতৌ ন ন আঁচনি

নিতৌ নতুন আচঁনিৰে চৰকাৰে চমক দিছে ৰাইজক ৷ চৰকাৰে আই এম এফ আৰু জাইকাৰ পৰা পুঁজি ধাৰলৈ লৈ হ'লেও নিৰ্বাচনৰ পূৰ্বে চমক দিবলৈ আৰম্ভ কৰিছে এখনৰ পাছত আনখন আচঁনি ৷

এফালে বিত্তীয় সংকট, আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি
এফালে বিত্তীয় সংকট, আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি

By

Published : Sep 16, 2020, 8:02 PM IST

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: নিতৌ ন ন আঁচনি ঘোষণাৰে ৰাজ্যবাসীক চমক দিয়াৰ চেষ্টা চলাইছে বিজেপি চৰকাৰে । বিগত কেইবামাহৰ পৰা ৰাজ্যত কৰ’ণাই ত্ৰাসৰ সৃষ্টি কৰিছে সেই ত্ৰাসে দেশ তথা ৰাজ্যৰ অৰ্থনীতি ব্যৱস্থাত ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু ৰাজ্যৰ বিত্তীয় অৱস্থা সন্তোষজনক নহয় বুলি ৰাজ্যবাসীয়ে অনুমান কৰিব পাৰিছে । ইয়াৰ উপৰি স্বয়ং বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বিগত সংবাদমেলত নিজমুখে এই কথা স্বীকাৰ কৰিছে ৷

এফালে বিত্তীয় সংকট, আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি

কিন্তু ইয়াৰ পিছতো আগন্তুক বিধানসভা নিৰ্বাচনলৈ চকু ৰাখি ১১,৯০০ কোটি টকীয়া আন্তগাঁঠনি নিৰ্মাণৰ আচনি ঘোষণা কৰিছে। ইপিনে ২৮০০ কোটি টকা "অৰুণোদয়" আঁচনিত ধাৰ্য কৰা হৈছে ৷ ইয়াৰোপৰি ২০৬৬ কোটি টকা নতুন হাস্পটাল নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ।

এফালে বিত্তীয় সংকট, আনফালে চৰকাৰ হাজাৰ কোটি টকীয়া আচঁনি

ইফালে কেন্দ্ৰীয় চৰকাৰক গ্যাৰান্তৰ হিচাপে ৰাখি অসম চৰকাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা পুঁজি ধাৰলৈ ল'ব বিচাৰিছে যদিও এই ক্ষেত্ৰত বৰ্তমানো কেন্দ্ৰই সহাৰি জনোৱা নাই । বিত্ত বিভাগৰ একেটা সুত্ৰই বিশ্ববেংকৰ পৰা লোৱা ধাৰৰ ধন কেইবাটাও বিভাগে উপযুক্ত ব্যৱহাৰো কৰিব পৰা নাই বুলিও প্ৰকাশ কৰিছে । তেনেক্ষেত্ৰত ৰাজ্য চৰকাৰে আই এম এফ আৰু জাইকাৰ পৰা পুঁজি ধাৰলৈ লৈ হ'লেও নিৰ্বাচনৰ পূৰ্বে চমক দিবলৈ আৰম্ভ কৰিছে এখনৰ পাছত আনখন আচঁনি ৷

লগতে পঢ়ক : 'পথাৰ আমাৰ বজাৰ আমাৰ' ধাৰণাৰে এজন আদৰ্শ কৃষকৰ 30 বছৰীয়া যাত্ৰা

ABOUT THE AUTHOR

...view details