গুৱাহাটী, ১২ এপ্ৰিল : ৰঙালী বিহুলৈ মাজত মাথোঁ এটা দিন বাকী (Assamese Rangali bihu) ৷ ৰঙালীক আদৰিবলৈ সাজু অসমীয়া জাতি ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ মুঠ ২,১১৪ খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য প্ৰদান কাৰ্যৰ শুভাৰম্ভ কৰা হয় ৷ আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ আৰম্ভণি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Financial assistance provided to Bihu committees) ৷
বুধবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ মুঠ ২,১১৪ খন বিহু সমিতিক ১.৫ লাখ টকাকৈ এককালীন বিত্তীয় সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় (Assam Govt Aid to bihu commitees) । অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে (Bihu guidelines by Govt)
‘‘বিগত বছৰৰে পৰা বিহু সমিতিসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা এই আঁচনিখন ৰাজ্যখনৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ সংস্কৃতি, বিশ্বাসৰ সুৰক্ষা আৰু ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ দৃঢ় সংকল্পৰ এক প্ৰকাশ বুলি মই বিশ্বাস কৰো’ বুলি অনুষ্ঠানত মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে (Rangali bihu) ৷