অসম

assam

ETV Bharat / state

ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান - আৰ্থিক সাহাৰ্য

কামৰূপ মহানগৰ জিলাত ৬০ গৰাকী ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাকৈ চেক বিতৰণ কৰা হয় । জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ প্ৰদান কৰে ।

financial-aid-to-the-family-of-the-family-of-dead-covid-patients
ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান

By

Published : Oct 2, 2021, 4:28 PM IST

গুৱাহাটী, ২ অক্টোবৰ :ক’ভিডত মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়ালবৰ্গলৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত শনিবাৰে দ্বিতীয় পৰ্যায়ত কামৰূপ মহানগৰ জিলাৰ ৬০ গৰাকী হিতাধিকাৰীক এক লাখ টকাকৈ চেক বিতৰণ কৰা হয় । কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই হিতাধিকাৰীসকলক চেকসমূহ বিতৰণ কৰে ।

ক’ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ এক লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান

সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, ক’ভিডত বিশ্বৰ বহু পৰিয়াল নিথৰুৱা হ’ল । ক’ভিড মহামাৰীয়ে প্ৰাণ কাঢ়ি নিয়া ব্যক্তিৰ নিকট আত্মীয়ৰ আৰ্থিক সকাহৰ কথা চিন্তা কৰিয়েই অসম চৰকাৰে ক’ভিডত পিতৃ-মাতৃক হেৰুওৱা শিশুৰ বাবে শিশু সেৱা আঁচনি, ক’ভিডত স্বামীহাৰা বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য আঁচনি, ক'ভিডত মৃত ব্যক্তিৰ পৰিয়াললৈ প্ৰাৰ্থনা আঁচনিৰ অধীনত আৰ্থিক সকাহৰ ব্যৱস্থা কৰিছে ।

উল্লেখ্য যে, এতিয়ালৈকে কামৰূপ মহানগৰ জিলাত ক’ভিডত মৃত্যু হোৱা মুঠ ১৬০ গৰাকী লোকৰ পৰিয়ালক আৰ্থিক সকাহৰ অৰ্থে প্ৰাৰ্থনা আঁচনিৰ অন্তৰ্গত ১ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হৈছে। সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, শৰ্মিষ্ঠা বৰা, বিপুল কুমাৰ দাস আৰু গুণজিৎ ৰায় চৌধুৰী আদিৰ উপৰি প্ৰশাসনৰ আন আন বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক :উপ নিৰ্বাচন : বিৰোধী শিবিৰত মিলা নাই অংক

ABOUT THE AUTHOR

...view details