গুৱাহাটী,3 ফেূব্ৰুৱাৰী: 6 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ 7 ফেব্ৰুৱাৰীত ঢেকীয়াজুলি আৰু বিশ্বনাথ চাৰিআলিত দুখনকৈ জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াৰ পূৰ্বে 6 ফেব্ৰুৱাৰীত ৰাজ্যলৈ আহিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ ৰাজ্য চৰকাৰে অসমৰ চাহ শ্ৰমিক সকলৰ মাজত আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ বাবে গ্ৰহণ কৰা এক আঁচনিৰ শুভাৰম্ভ কৰাৰ বাবেই উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ বুধবাৰে এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ - নিৰ্মলা সীতাৰমণৰ অসম ভ্ৰমণ
7 ফেব্ৰুৱাৰীত ঢেকীয়াজুলি আৰু বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ’বলগীয়া দুখনকৈ জনসভাত অংশগ্ৰহণৰ বাবে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ ইয়াৰ পূৰ্বে 6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ বুধবাৰে এই কথা জানিবলৈ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
6 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি 6 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতৰমণৰ উপস্থিতত ৰাজ্যৰ প্ৰায় 8 লাখ চাহ শ্ৰমিকক তিনি হাজাৰ টকাকৈ সাহাৰ্য আগবঢ়োৱা হ’ব ৷ এই আঁচনিখন ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে 240 কোটি টকা ব্যয় কৰিছে ৷
লগতে পঢ়ক-কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ