অসম

assam

ETV Bharat / state

এক লাখ চাকৰি: বিভাগ সমূহক এসপ্তাহৰ ভিতৰত তথ্য দিয়াৰ নিৰ্দেশ বিত্তমন্ত্রীৰ

ক'ভিড পৰিস্থিতি উন্নত হ'লেই ৰাজ্যত আগবাঢ়িব নিৱনুৱা যুৱক-যুৱতীৰ নিযুক্তি প্ৰক্ৰিয়া । এক লাখ নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দ্যেশে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰতিটো  বিভাগত খালী হৈ থকা পদসমূহৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হয়।

By

Published : May 25, 2021, 10:15 PM IST

এক লাখ চাকৰি: বিভাগ সমূহক এসপ্তাহৰ ভিতৰত তথ্য দিয়াৰ নিৰ্দেশ বিত্তমন্ত্রীৰ
এক লাখ চাকৰি: বিভাগ সমূহক এসপ্তাহৰ ভিতৰত তথ্য দিয়াৰ নিৰ্দেশ বিত্তমন্ত্রীৰ

গুৱাহাটী, ২৫ মে': বিত্তমন্ত্রীৰ অজন্তা নেওগৰ অধ্যক্ষতাত মঙলবাৰে জনতা ভৱনত ১ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দ্যেশে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত প্ৰতিটো বিভাগত খালী হৈ থকা পদ সমূহৰ বিষয়ে বিতং ভাৱে আলোচনা কৰা হয়।

এক লাখ চাকৰি: বিভাগ সমূহক এসপ্তাহৰ ভিতৰত তথ্য দিয়াৰ নিৰ্দেশ বিত্তমন্ত্রীৰ

বৈঠকত প্ৰতিটো বিভাগত খালী হৈ থকা পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিয়া হয় । লগতে বৈঠকত বিভাগসমূহক এসপ্তাহৰ ভিতৰত খালী পদৰ তালিকা দাখিলৰ নিৰ্দেশ দিয়ে বিত্তমন্ত্রী অজন্তা নেওগে ।

এক লাখ চাকৰি: বিভাগ সমূহক এসপ্তাহৰ ভিতৰত তথ্য দিয়াৰ নিৰ্দেশ বিত্তমন্ত্রীৰ

উল্লেখ্য যে, সময় নিৰ্ধাৰিতভাৱে আৱণ্টিত পদৰ তালিকা দাখিল কৰিবলৈ প্ৰতিটো বিভাগক আহ্বান জনাইছে বিত্তমন্ত্ৰী গৰাকীয়ে । তদুপৰি নন-ছেংচন পদৰো তালিকা দাখিলৰ পৰামৰ্শ দিছে বিভাগীয় কৰ্তৃপক্ষক । বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিন্হাকে ধৰি শীৰ্ষ বিষয়া উপস্থিত আছিল ।

উল্লেখ্য যে, ক'ভিড পৰিস্থিতি উন্নত হ'লেই নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ ৰাজ্যত 5 জুনলৈ বৃদ্ধি সান্ধ্য আইন

ABOUT THE AUTHOR

...view details