গুৱাহাটী, ৩০ জুন : বিত্তমন্ত্রী অজন্তা নেওগে বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়(state BJP head office)ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ উপস্থিতিত দলৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট(Media panelist) সকলৰ সৈতে আগন্তুক বাজেট(upcoming financial budget) সন্দৰ্ভত মত বিনিময় কৰে । উল্লেখ্য যে, ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগতে দলৰ কাৰ্যকর্তাসকলৰ পৰা বাজেট সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ হোৱাটছ এপ(whats app) যোগে লাভ কৰিছে বিত্ত বিভাগে । এই সন্দৰ্ভত মন্ত্রী অজন্তা নেওগে(finance minister Ajanta Neog) কয় যে, বিভিন্ন পক্ষৰ পৰা লাভ কৰা পৰামৰ্শসমূহ বাজেটত অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
বৈঠকত আগন্তুক সময়ত ৰাজ্যখনৰ উন্নয়নৰ সৈতে জড়িত মূল দিশসমূহৰ ওপৰত বিস্তৃত আলোচনা কৰাৰ লগতে দলীয় কাৰ্যকর্তাসকলক উৎসাহিত কৰাৰ ক্ষেত্ৰত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত চৰ্চা কৰা হয় । বৈঠকত দলৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লোচন দাস, সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈৰ লগতে আন আন বিষয়ববীয়া সকল উপস্থিত আছিল ।