অসম

assam

ETV Bharat / state

৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বিষয়ে জানো আহক

গুৱাহাটীত অনুষ্ঠিত হ'ব ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড ৷ তাজ ভিভান্টাৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টাইমছ গ্ৰুপৰ সৈতে মিলিত হৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সহিতে অসমৰ যথেষ্ট কলা-কুশলী ৷

By

Published : Nov 25, 2019, 8:19 PM IST

অসম পৰ্যটন বিভাগৰ সৈতে টাইমছ গ্ৰুপৰ বুজাবুজিৰ চুক্তি

গুৱাহাটী,25 নৱেম্বৰঃ বলীউডৰ তাৰকাৰে ভৰি পৰিব গুৱাহাটী মহানগৰী ৷ দেশৰ এক প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় বঁটা বিতৰণী অনুষ্ঠান ফিল্মফেয়াৰ এৱাৰ্ড পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব গুৱাহাটী মহানগৰীত ৷ 2020বৰ্ষৰ 15 ফেব্ৰুৱাৰীত মহানগৰীৰ সৰুসজাইত অনুষ্ঠিত হ'ব এই ফিল্মফেয়াৰ এৱাৰ্ড ৷

অসম পৰ্যটন বিভাগৰ সৈতে টাইমছ গ্ৰুপৰ বুজাবুজিৰ চুক্তি

সোমবাৰে ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে টাইমছ গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ হোটেল তাজ ভিভান্টাৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত টাইমছ গ্ৰুপৰ সৈতে মিলিত হৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে অসমৰ পৰ্যটন বিভাগে ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ ফিল্ম ফেয়াৰ এৱাৰ্ডে বলীউড আৰু জলীউডৰ মাজত একপ্ৰকাৰৰ সাঁকোৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷ ফিল্মফেয়াৰ বঁটাই অসমৰ পৰ্যটনত এক বৃহৎ ভূমিকা গ্ৰহণ কৰিব বুলি আশা অসম পৰ্যটন বিভাগৰ।

লগতে পঢ়কঃপূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

ABOUT THE AUTHOR

...view details