অসম

assam

ETV Bharat / state

বুক মাই শ্ব'ত মুকলি ফিল্মফেয়াৰৰ টিকট - বুক মাই শ্ব'

বৃহস্পতিবাৰে সন্ধিয়া ৪ বজাৰ পৰা বুক মাই শ্ব'ত মুকলি ফিল্মফেয়াৰ অনুষ্ঠানৰ টিকট ৷ "দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে" মুকলি কৰে টিকটসমূহ ৷ অসম পৰ্যটন ভৱনৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ৷

ফিল্মফেয়াৰ
বুক মাই শ্ব'ত টিকট মুকলি ফিল্মফেয়াৰৰ টিকট

By

Published : Feb 6, 2020, 8:52 PM IST

গুৱাহাটী, 6 ফেব্ৰুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত বৃহস্পতিবাৰে অসম পৰ্যটন ভৱনৰ সভাকক্ষত সংবাদমেল সম্বোধন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । সংবাদমেলত অধ্যক্ষগৰাকীয়ে কয় যে, আগন্তুক ফিল্ম ফেয়াৰৰ বাবে তীব্ৰ গতিত চলি আছে প্ৰস্তুতি । সৰুসজাইৰ হেলিপেড গ্ৰাউণ্ডত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব । ৭০০৫ গৰাকী দৰ্শকে একেলগে বহি ফিল্মফেয়াৰকৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব ।

বুক মাই শ্ব'ত টিকট মুকলি ফিল্মফেয়াৰৰ টিকট

ইতিমধ্যেই প্ৰায় ২২০০ টিকট বিক্ৰী হৈছে । বৃহস্পতিবাৰে সন্ধিয়া ৪ বজাৰ পৰা বুক মাই শ্ব'ত টিকট মুকলি কৰি দিছে "দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে"। ইয়াৰ বিপৰীতে "Awesome Assam" ৱেবছাইটযোগে বিক্ৰী হ'বলগীয়া টিকটসমূহ অহা ৮ ফেব্ৰুৱাৰী তাৰিখে ৰাইজে ক্ৰয় কৰিব পাৰিব । ইফালে এই অনুষ্ঠানত সত্ৰীয়া, বিহু আৰু জনগোষ্ঠীয় নৃত্যৰ এক বিশেষ সম্ভাৰ বিশ্ববাসী দেখিবলৈ পাব বু্লি উল্লেখ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে । ইয়াৰে সত্ৰীয়া নৃত্যত মুখ্যত গায়ত্ৰী মহন্ত আৰু বিহুত আইমী বৰুৱাক দেখিবলৈ পোৱা যাব । তাৰোপৰি যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইন, ছবি পৰিচালক ৰিমা দাস আদি অসমৰ শিল্পীও উপস্থিত থকাৰ এক ইংগিত বহন কৰে অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । এই শিল্পীসকলৰ তালিকা ইতিমধ্যেই দা টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ হাতত অসম চৰকাৰে প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে ।

বুক মাই শ্ব'ত টিকট মুকলি ফিল্মফেয়াৰৰ টিকট

আনহাতে, অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বলীউদৰ তাৰকাসমূহৰ আগমন ঘটিব গুৱাহাটীত । গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু', কিৰণশ্ৰী, তাজ ভিবান্টা আদি হোটেল বুকিং কৰা হৈছে বলীউদৰ নামীদামী তাৰকাসকলৰ বাবে । ১৫ ফেব্ৰুৱাৰীত ৫.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত দৰ্শকে বিয়লি ৩বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব বুলিও সংবাদমেল যোগে উল্লেখ কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ।

আৰু পঢ়কঃ প্ৰতিৰক্ষা বাজেট সম্পৰ্কত কিছু কথা

ABOUT THE AUTHOR

...view details