গুৱাহাটী, ২৬ আগষ্ট :অসমত চৰকাৰী খণ্ডৰ বহু শিক্ষানুষ্ঠান বন্ধ কৰিব বিচৰা চৰকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত চলি আছে টুইটাৰ যুদ্ধ (Delhi and Assam CMs Twitter war) । মুখ্যমন্ত্ৰী শৰ্মাই কেজৰিৱালক প্ৰশ্ন কৰাৰ পিছত এইবাৰ কেজৰিৱালেও উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।
এইবাৰ কেজৰিৱালে মুখ্যমন্ত্ৰীক উদ্দেশ্যি টুইটযোগে কয়, ‘‘হয়তো আপুনি বেয়া পালে । আপোনাৰ দোষবোৰ দেখুওৱাৰ উদ্দেশ্য মোৰ নাছিল । আমি সকলো এখন দেশ । আমি ইজনে সিজনৰ পৰা শিকিব লাগিব । তেতিয়াহে ভাৰত এক নম্বৰ দেশ হ’ব’’ (CMs Twitter War) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰা কেজৰিৱালে লগতে কয়, ‘‘মই অসমলৈ যাম । কেতিয়া আহিব লাগে কওক । আপুনি কৰা শিক্ষা খণ্ডৰ ভাল কামবোৰ দেখুৱাব । আপুনি দিল্লীলৈ আহক, মই আপোনাক দিল্লীত হোৱা কাম দেখুৱাম’’ (Delhi CM offers to visit Assam following Twitter war with Assam CM)।
উল্লেখ্য যে অসমত বিদ্যালয়ৰ একত্ৰীকৰণৰ প্ৰসংগত ২৪ আগষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা টুইট কৰিছিল । টুইটত কেজৰিৱালে লিখিছিল, ‘‘স্কুল বন্ধ কৰা সমস্যাৰ সমাধান নহয় । আমি এতিয়া সমগ্ৰ দেশত বহু বিদ্যালয় খোলাৰ প্ৰয়োজন । স্কুল বন্ধ কৰাৰ সলনি স্কুলৰ সংস্কাৰ সাধন কৰক’’ ।
কেজৰিৱালৰ এই টুইটৰ পিছতে উভতি ধৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই । কেজৰিৱালৰ টুইটৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছিল, ‘‘প্ৰথম কথা, অসমৰ স্কুল বন্ধ কৰা হোৱা নাই, শৈক্ষিক বাতাবৰণ উন্নত কৰাৰ বাবে একত্ৰিত কৰা হৈছে । দ্বিতীয়তে অৰবিন্দ কেজৰিৱালৰ অসমৰ শিক্ষা ব্যৱস্থাক লৈ কথা কোৱাৰ কোনো অধিকাৰ নাই’’।