গুৱহাটী, ৮ জুন : মহানগৰীৰ বিভিন্ন স্থানৰ ৫০টা পার্কিং আস্থান ৰাইজৰ সুবিধার্থে বিনামূলীয়া ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে(GMC) । লেচীসকলে বকেয়া ধন আদায় নিদিয়ালৈকে আৰু চলিত বিত্তীয় বর্ষৰ বাবে নিবিদা নোহোৱা পর্যন্ত ৰাইজে ৫০ টা আস্থানত বিনামূলীয়াভাৱে যান-বাহন পার্কিং কৰিব পাৰিব । পৌৰ নিগমৰ এক সূত্রই জনোৱা মতে কটন কলেজিয়েট স্কুল পথ, এইচ বি ৰোড(H.B Road), ড৹ জে জি দাস ৰোড, এ আৰ পি ৰোড, জি এছ ৰোড(G S road), জি এন বি ৰোড, এ টি ৰোড (A T Road), দিছপুৰ ছুপাৰ মার্কেট, এ কে আজাদ ৰোড, গণেশগুৰি উৰণীয়া সেঁতু, উলুবাৰী উৰণীয়া সেঁতু, বেছামেণ্ট পার্কিং, ছয়মাইল উৰণীয়া সেঁতু আৰু আঠগাঁৱৰ লগতে ৫০টা জি এম চিৰ পার্কিং ৰাইজৰ বাবে বিনামূলীয়া কৰিছে জি এম চি কর্তৃপক্ষই ।
লেচীসকলে(Lessees) বকেয়া ধন আদায় নিদিয়া পর্যন্ত আৰু ২০২১-২২ বিত্তীয় বর্ষৰ(Financial year) বাবে নিবিদা আবণ্টন নোহোৱালৈকে ৰাইজে এইকেইটা আস্থানত যান-বাহন পার্কিং কৰাৰ ক্ষেত্রত কোনো মূল্য দিব নালাগে । তদুপৰি বিনামূলীয়া আস্থান সমূহৰ ভিতৰত আছে এম জি ৰোডৰ পৰা চিটি’ পইণ্টৰ পশ্চিম দিশ, কটন কলেজিয়েট স্কুলৰ পৰা পাণবজাৰ থানালৈ, এইচ বি ৰোডৰ দক্ষিণ দিশ, এম জি ৰোডৰ পৰা এইচ বি ৰোডলৈ পেৰেলেল পার্কিং, কমিছনাৰ পইণ্টৰ পৰা ডনবস্ক’ স্কুললৈ, জি এছ ৰোডৰ দিহাং অর্কেডৰ পৰা অৰিন পেলেচৰ পূব দিশ, জি এন বি ৰোডৰ পেৰাডাইছ হাস্পতালৰ পৰা গুৱাহাটী সাধুঘৰৰ দক্ষিণ দিশ, এ টি ৰোডৰ কর্নেল জে আলী ৰোডৰ পৰা বিশ্বৰত্ন হোটেললৈ, জি এছ ৰোডৰ পেপে জিনছৰ পৰা নিউজ লাইভ বিল্ডিঙলৈ, জি এছ ৰোডৰ প্রগতি মেনৰৰ পৰা উইলছ লাইভ ষ্টাইলছৰ পশ্চিম দিশ ।
আন আন স্থানসমূহ ক্ৰমে জি এছ ৰোডৰ গুৱাহাটী ছেনিটাৰীৰ পৰা ছিলভাৰ স্কোৱাৰলৈ পশ্চিম দিশ, জি এছ ৰোডৰ মংগলা সন্তোষ ষ্ট’ৰৰ পৰা ড’না প্লেনেটলৈ পশ্চিম দিশ, জি এছ ৰোডৰ পেনাছনিকৰ পৰা মার্বল প্লাজালৈ পূব দিশ, ছুপাৰ মার্কেটৰ জি এম চি অফিচৰ কার্যালয় চৌহদ, এইচ বি ৰোড পাণবজাৰ পুলিচ পইণ্টৰ পৰা চিটী ফার্মাচীলৈ উত্তৰ দিশ, জি এছ ৰোডৰ পেণ্টালুনছৰ পৰা ইউকো বেংকলৈ পূব দিশ, এ টি ৰোডৰ ৬নং গেটৰ পৰা ৮নং গেটলৈ দক্ষিণ দিশ, এইচ বি ৰোডৰ বেপিষ্ট চার্চৰ পৰা ড০ জে চি দাস ৰোডলৈ, এ কে আজাদ ৰোডৰ বন বিভাগৰ কার্যালয়ৰ ৰিহাবাৰী নামঘৰলৈ, জি এছ ৰোডৰ টাইমছ অৱ ইণ্ডিয়াৰ কার্যালয়ৰ পৰা চহৰীয়াছ পেথলেবলৈ,পাণ্ডু পোর্ট (Pandu port) পথৰ পৰা বৰা বজাৰৰ পৰা পাণ্ডু কলেজলৈ ।