গুৱাহাটী, ৩১ মাৰ্চ : "কমনৱেলথ গেমছত পৰাজিত হোৱাত নিজৰ ল'ৰা-ছোৱালী বুলি ভাবি হয়তো মোৰ ওপৰত অসমবাসীৰ খং উঠিছিল । অসমৰ মানুহে মোক লৈ কৰা আশাবোৰ সজীৱ কৰিব পৰা কাৰণে মই সুখী ।" বৃহস্পতিবাৰে মহানগৰীৰ গ্ৰীণউড হোটেলত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে অসম গৌৰৱ (Assam Boxer Lovlina Borgohain),বজ্ৰকন্যা তথা মহিলা বক্সিং চেম্পিয়নশ্বিপ, 2023-ৰ স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহায়ে (IBA women world boxing championship winner Lovlina) ।
'বক্সিং ফেডাৰেচন অব ইণ্ডিয়া'ই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি স্বৰ্ণকন্যা লাভলীনা বৰগোঁহায়ে কয়, "অলিম্পিকৰ পিছত বহুত উথান-পতন আহিছিল মোৰ জীৱনত (BFI felicitation to Lovlina Borgohain) । কমনৱেলথত পৰাজিত হোৱাৰ বাবে বহু সমালোচনাৰো সন্মুখীন হৈছিলোঁ মই । পৰাজিত হোৱাত নিজৰ ল'ৰা-ছোৱালী বুলি ভাবি হয়তো অসমবাসীৰ মোৰ ওপৰত খং উঠিছিল । এতিয়া এছিয়ান গেমছৰ বাবে সাজু হৈছোঁ ।
অলিম্পিকৰ ব্ৰঞ্জৰ মেডেলটো স্বৰ্ণলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য মোৰ এতিয়া । মই মানুহৰ মাজত যোগাত্মকভাৱে থাকিব বিচাৰোঁ, মোক ভুল নুবুজিব আপোনালোকে । মই চেষ্টা কৰি মই মোৰ ১০০ শতাংশ দিছোঁ, তাৰ বাদে মই একো কৰিব নোৱাৰোঁ । খেলত জয়-পৰাজয় থাকিবই (Lovlina gold medal in World Boxing Championship) । বিশ্ব চেম্পিয়নশ্বিপৰ মেডেলটো মোৰ নহয়, সকলোৰে । আমাৰ অসমৰ নৱপ্ৰজন্মক অলিম্পিকৰ সপোন দেখুৱাবলৈ চেষ্টা কৰিম । অলিম্পিকৰ মেডেল যাতে মোৰ নামতে নাথাকি আন কাৰোবাৰ হাতলৈও আহে, অসমত তাৰ বাবে চেষ্টা কৰিম ।"