অসম

assam

By

Published : Jun 26, 2022, 7:31 AM IST

ETV Bharat / state

বীৰকুছিত 80 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা নাগৰিক সমিতিৰ

বীৰকুছি কলিতাকুছিত নাগৰিক সমিতিৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 80 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন(Felicitation to HSLC Passed student at Birkuchi) ৷

felicitation-to-hslc-passed-student-at-birkuchi-in-guwahati
বীৰকুছিত ৮০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা নাগৰিক সমিতিৰ

গুৱাহাটী, 26 জুন :সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত(HSLC Exam Result 2022) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 80 গৰাকী ছাত্ৰ-ছাত্ৰীক 58 নং ৱাৰ্ড নাগৰিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়(Felicitation to HSLC Passed student at Birkuchi)।

এই উপলক্ষে শনিবাৰে বীৰকুছি কলিতাকুছিত নাগৰিক সমিতিৰ সভাপতি কিৰণ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত 58 নং ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 80 গৰাকী ছাত্ৰ-ছাত্ৰীক এখন ফুলাম গামোচা, এখন শুভেচ্ছা পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়(Felicitation ceremony in Guwahati) ।

বীৰকুছিত ৮০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা নাগৰিক সমিতিৰ

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-প্ৰৱক্তা ড৹ সৰোজ কাকতি, বিশিষ্ট শিক্ষাবিদ ড৹ অৰিন্দম গাৰ্গ, 58 নং ৱাৰ্ড নাগৰিক সমিতিৰ উপ-সভাপতি ললিত ভূঞা, সাধাৰণ সম্পাদক তাপশ ৰঞ্জন দেৱ, সম্পাদক ৰবীন ভট্টাচাৰ্য, সম্পাদিকা প্ৰীতিমা কৌশিক বৰুৱা আদি উপস্থিত থাকে ।

নাগৰিক সমিতিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মাত্ৰ ৬ নম্বৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ 10 জনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ বীৰকুছিৰ তুষাৰ কেওটৰ লগতে ছাত্ৰজনৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Assam Cabinet: ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

ABOUT THE AUTHOR

...view details