গুৱাহাটী,৩০ নৱেম্বৰ:বুধবাৰেগুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হয় মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা পত্ৰ প্ৰদান অনুষ্ঠান(Felicitation programme to meritorious students) । ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰিলে শিক্ষা বিভাগে । খানাপাৰত প্ৰজ্ঞান ভাৰতী আচঁনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকললৈ বঁটা হিচাপে স্কুটী বিতৰণ কৰা অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হয়(felicitation programme held at khanapara) ।
কিন্তু মেধাৱী ছাত্ৰ-ছাত্ৰীক ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ নামত হাৰাশাস্তি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক বিমুখ কৰিলে শিক্ষা বিভাগে । খানাপাৰা খেলপথাৰৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰশংসা পত্ৰ পোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ নলবাৰী, দৰং, নগাওঁ আৰু মৰিগাঁৱৰ জিলাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ । ইফালে খাদ্যৰ নামত অখাদ্য খুওৱাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ ।