অসম

assam

ETV Bharat / state

Felicitation Ceremony at Assam Secretariat : অসম সচিবালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন পীযুষ হাজৰীকাৰ - Felicitation ceremony of succeed students at Assam Secretariat

সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই (Assam Secretariat 4th grade Employees Association) আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে (Felicitation ceremony of succeed students) মন্ত্ৰী পীযুষ হাজৰীকাই ।

Felicitation
Felicitation

By

Published : Aug 1, 2022, 10:18 PM IST

গুৱাহাটী, ১ আগষ্ট : জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই (Water Resources Minister Piyush Hazarika) সোমবাৰে অসম সচিবালয় চতুৰ্থ শ্ৰেণী কৰ্মচাৰী সন্থাই (Assam Secretariat 4th grade Employees Association) আয়োজন কৰা সন্থাৰ সদস্য পৰিয়ালৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে (Felicitation ceremony of succeed students at Assam Secretariat)।

মন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু বিধায়ক কৌশিক ৰায়ো উপস্থিত থকা অনুষ্ঠানটোত কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই মন্ত্ৰী হাজৰীকাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে । অনুষ্ঠানটোত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰত্যেকবছৰৰ দৰে এই বৰ্ষতো এনেদৰে কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাবলৈ পাই তেওঁ সুখী হৈছে । ছাত্ৰ-ছাত্ৰীসকলক চাকৰিমুখী নহ'বলৈ আহ্বান জনাই মন্ত্ৰী হাজৰীকাই কয় যে ডাক্তৰ, ইঞ্জিনীয়াৰ অথবা চৰকাৰী বিষয়া হোৱাৰ সমান্তৰালভাৱে আমাৰ ভাল ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক, খেতিয়ক অথবা ৰাজনীতিবিদ হোৱাৰ বাবেও মন মেলিব লাগে ।

অসম সচিবালয়ত অনুষ্ঠিত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

আনহাতে, কেৱল চাকৰিতেই জীৱনটোক সীমাবদ্ধ কৰি নাৰাখি যিকোনো ক্ষেত্ৰতে সু-প্ৰতিষ্ঠিত হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । ভৱিষ্যতে সমাজত সু-প্ৰতিষ্ঠিত হ’বৰ বাবে অনাগত সময়ত প্ৰয়োজন হোৱা সকলো গুণ আয়ত্ত কৰি ল'বলৈও মন্ত্ৰীগৰাকীয়ে কৃতি ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । আনহাতে, জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ পাছত নিজৰ গাঁও অথবা অঞ্চলটোক কোনোপধ্যেই পাহৰি ন'গৈ এগৰাকী দায়িত্বশীল নাগৰিক হ’বলৈ সকলোকে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ।

সমাজত ভাল ল’ৰা-ছোৱালীবোৰে ৰাজনীতিৰ ক্ষেত্ৰখনতো আগবাঢ়ি গৈ কাম কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, দেশখন ৰাজনীতিবিদসকলে চলাই থাকে, সেয়ে একোজন ভাল ৰাজনীতিবিদ হোৱাৰ বাবেও কৃতি ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়াস কৰা উচিত । জনতা ভৱনৰ জলসম্পদ মন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটোত মন্ত্ৰী নন্দিতা গাৰ্লোচায়ো কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে (Minister Nandita Garlosa) ।

অসম সচিবালয়ত অনুষ্ঠিত কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ সভাপতি ৰৌচন আলীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত সন্থাৰ তৰফৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফলেৰে উত্তীৰ্ণ হোৱা ২২ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক একোখন মানপত্ৰ, গামোচা, অভিধান আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Mission Bhumiputra portal: ভূমিপুত্ৰৰ বাবে মুকলি ‘‘মিছন ভূমিপুত্ৰ’’ পৰ্টেল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details