গুৱাহাটী, 4 মে':কৰ'ণা বিৰোধী যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া জৰুৰীকালীন সেৱাত নিবৃত চিকিৎসক তথা চিকিৎসা কৰ্মীকে ধৰি চাফাই কর্মী, আৰক্ষী, সংবাদকৰ্মী আদিক সমাজৰ অৰ্থে তেওঁলোকে কৰা কৰ্তব্যক ধন্যবাদ জ্ঞাপন কৰিছে মহানগৰীৰ ওদালবাক্ৰা নাগৰিক সমিতিয়ে । ওদালবাক্ৰা নাগৰিক সমিতিয়ে ওদালবাক্ৰা, লালগণেশ, কাহিলীপাৰা অঞ্চলত বসবাস কৰা চিকিৎসক, চিকিৎসা কর্মী, সাংবাদিক, চাফাই কর্মী আৰু আৰক্ষীৰ লোক সকলক উৎসাহিত কৰিবলৈ এক অনুষ্ঠানৰ জৰিয়তে সোমবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।
কৰ'ণা বিৰোধী যোদ্ধাসকলক সম্বৰ্ধনা ওদালবাক্ৰা নাগৰিক সমিতিৰ - কৰ'ণা বিৰোধী যুঁজ
ওদালবাক্ৰা নাগৰিক সমিতিয়ে সোমবাৰে ওদালবাক্ৰা, লালগণেশ, কাহিলীপাৰা অঞ্চলত বসবাস কৰা জৰুৰীকালীন কৰ্তব্যত নিয়োজিত লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।
![কৰ'ণা বিৰোধী যোদ্ধাসকলক সম্বৰ্ধনা ওদালবাক্ৰা নাগৰিক সমিতিৰ felicitate the warriors of corona in udalbakra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7055158-266-7055158-1588588483892.jpg)
felicitate the warriors of corona in udalbakra
কৰ'ণা বিৰোধী যোদ্ধাসকলক সম্বৰ্ধনা ওদালবাক্ৰা নাগৰিক সমিতিৰ
অঞ্চল কেইটাৰ কৰ'ণা ভাইৰাছ বিৰোধী যোদ্ধা সকলক ওদালবাক্ৰা নাগৰিক সমিতিয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে । য'ত উপস্থিত থাকে কেইবাটাও সংবাদ মাধ্যমৰ সংবাদকৰ্মীকে ধৰি কিৎসক, নাৰ্ছ, আশা কর্মী, আৰক্ষীৰ লোকৰ লগতে বহু চাফাই কৰ্মী ।
লগতে পঢ়কঃভাৰতত COVID-19ৰ শেহতীয়া তথ্য