অসম

assam

ETV Bharat / state

চৰকাৰে নিৰ্ধাৰণ কৰিছে চৰকাৰী মহাবিদ্যালয়ৰ নামভৰ্তিৰ নিৰিখ

এতিয়াৰে পৰা স্নাতক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে নামভৰ্তিৰ মাচুল নিৰ্ধাৰণ কৰি দিছে উচ্চ শিক্ষা সঞ্চালয়কালয়ে

চৰকাৰে নিৰ্ধাৰণ কৰিছে চৰকাৰী মহাবিদ্যালয়ৰ নামভৰ্ত্তি নিৰিখ

By

Published : Jun 11, 2019, 9:38 PM IST

গুৱাহাটী,১১ জুনঃ বহু বিৰ্তক আৰু জল্পনা-কল্পনাৰ অন্তত সু- খবৰ আহিল চৰকাৰী মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীলৈ ৷ স্নাতক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে নামভৰ্তিৰ মাচুল নিৰ্ধাৰণ কৰি দিছে উচ্চ শিক্ষা সঞ্চালয়কালয়ে ৷

চৰকাৰে নিৰ্ধাৰণ কৰিছে চৰকাৰী মহাবিদ্যালয়ৰ নামভৰ্ত্তি নিৰিখ

সেই অনুসৰি চহৰ অঞ্চলৰ মহাবিদ্যালয়ত এতিয়াৰে পৰা বিজ্ঞান শাখাত গুৰুবিষয়সহ নামভৰ্তিৰ মাচুল নিৰ্ধাৰণ কৰিছে ৬৫২০ টকা, বিজ্ঞান শাখাৰে জেনেৰেল নামভৰ্তিৰ মাচুল ৬০৪০ টকা, বাণিজ্য শাখাত ৫৩২০ টকা আৰু কলা শাখাত ৫৫৪০ টকা ৷ ইয়াৰ লগতে গ্ৰামাঞ্চলত থকা মহাবিদ্যালয়ৰ বাবে নিৰ্ধাৰণ কৰিছে গুৰু বিষয়সহ বিজ্ঞান শাখাত ৫৯২০ টকা, জেনেৰেলত ৫১৪০টকা, বাণিজ্য শাখাত ৪৭২০ টকা আৰু কলা শাখাত ৪৯৪০ টকা ৷ উচ্চ শিক্ষা সঞ্চালয়কালয়ৰ এই সিদ্ধান্তত এতিয়া সন্তুষ্টি লাভ কৰিছে ছাত্ৰ-ছাত্ৰী সকলে ৷ লগতে এই পদক্ষেপক আদৰণি জনাইছে ছাত্ৰ ছাত্ৰী সকলে ।

ABOUT THE AUTHOR

...view details