অসম

assam

ETV Bharat / state

APSC Scam: শংকিত ২০১৪ বৰ্ষত বক্রপথেৰে চাকৰি লোৱাসকল

ৰাকেশ পাল আৰু সহযোগীসকলৰ সংকট অধিক ঘনীভূত । ২০১৪ বৰ্ষত বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ ৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে । আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্রার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে ।

APSC Scam: শংকিত ২০১৪ বৰ্ষত বক্রপথেৰে চাকৰি লোৱা সকল
APSC Scam: শংকিত ২০১৪ বৰ্ষত বক্রপথেৰে চাকৰি লোৱা সকল

By

Published : May 25, 2022, 10:31 PM IST

গুৱাহাটী, ২৫ মে': শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকল অধিক সংকটত পৰাটো নিশ্চিত হৈছে । ডিব্ৰুগড় আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ উপৰি এতিয়া চৰকাৰে গঠন কৰি দিয়া তদন্ত আয়োগৰ অভিযোগসমূহো সাঙোৰ খাব । ইয়াৰ উপৰি ২০১৪ বৰ্ষত বক্ৰপথেৰে চাকৰি লৈ এতিয়াও কৰ্তব্য সম্পাদন কৰি থকা বহুকেইজন সন্দেহজনক প্ৰাৰ্থীয়েও চাকৰি হেৰুওৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

লক্ষণীয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৩ বৰ্ষৰ পাছত ২০১৪ বৰ্ষত ৰাকেশ পাল বাহিনীয়ে ৰাজপত্ৰিত চাকৰি প্ৰদানৰ নামত সংঘটিত কৰা বিয়াগোম কেলেংকাৰিৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰি দিছে ।

ইতিমধ্যে ২০১৩ বৰ্ষৰ তদন্ত সম্পূৰ্ণ কৰি আয়োগে ৩৪ জন নতুন ৰাজপত্ৰিত বিষয়াই বক্ৰপথেৰে চাকৰি লোৱা আৰু ৰাকেশ পাল বাহিনীয়ে কিমান ধনৰ বিনিময়ত কাক কাক কি জালিয়াতি কৰি যোগ্য প্ৰার্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক চাকৰি প্ৰদান কৰিছিল সেয়া সকলো প্ৰতিবেদনত প্ৰকাশ কৰিছে । আনহাতে শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মাই ২০১৪ বৰ্ষত সংঘটিত কেলেংকাৰিৰ দায়িত্ব গ্ৰহণ কৰিছে ।

সেই বছৰত নিযুক্তিৰ সময়ত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ চৰকাৰে আয়োগ গঠন কৰাৰ পাছত বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা বহু প্ৰাৰ্থীৰ মাজত হাহাকাৰ লগা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে কৰা তদন্তৰ পাছত ২০১৪ বৰ্ষত বক্ৰপথেৰে ৰাজপত্ৰিত চাকৰি লোৱা ২১জন ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকক ইতিমধ্যে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্তও কৰিছে ।

এতিয়া আয়োগে কৰা তদন্তত সন্দেহৰ আওতাত সোমাই থকা আন বহুকেইজন প্ৰার্থী আইনী মেৰপেচত পৰাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে । লক্ষণীয় বিষয় যে আয়োগে দায়িত্ব গ্ৰহণ কৰিয়েই তদন্তৰ প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে ।

যোৱাবাৰ ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে তদন্ত যথেষ্ট লেহেম হৈছিল । কিন্তু এইবাৰ ক্ষিপ্ৰতাৰে তদন্ত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থকাৰ কথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশজনে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা য়াছিন মালিক কোন ?

ABOUT THE AUTHOR

...view details