নিউজ ডেস্ক,12 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ৰাইজৰ দলে এক প্ৰেছ বিবৃতি যোগে বিজেপি নেতৃত্বধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ অখিল গগৈক ভয় কৰিয়ে চৰকাৰখনে কাৰাগাৰাৰ পৰা মুক্তি কৰি দিব বিচৰা নাই অখিল গগৈক ৷ লগতে অখিল গগৈক চৰকাৰ ক্ষণে ক্ষণে ভয়, প্ৰলোভন, মানসিকভাৱে বিধ্বস্ত কৰিবলৈ চেষ্টা কৰিছে ৷
ইপিনে অখিল গগৈয়ে আপোচ নকৰা বাবেই তেওঁক এইদৰে পোতাশালত বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলে ৷ সমাগত 2021ৰ বিধান সভা নিৰ্বাচনত অখিল গগৈক কাৰাগাৰত বন্দী কৰি বিজেপি চৰকাৰখনে নিৰ্বাচনত জয়ী হোৱাৰ যি দিবাস্বপ্ন দেখিছে সেইয়া কেতিয়া পূৰ্ণ নহয় বুলি ৰাইজৰ দলে সকিয়াই দিছে ৷
উল্লেখযোগ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন নাকচ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছিল অখিল গগৈ ৷ বৃহস্পতিবাৰে পুনৰ অখিল গগৈৰ জামিন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পিছতে ক্ষোভিত হৈ পৰা দেখা গৈছে ৰাইজ দলক ৷