অসম

assam

ETV Bharat / state

সীমিত সংখ্যক যাত্রীৰে পুনৰ আৰম্ভ ফেৰীসেৱা - আভ্যন্তৰীণ জল পৰিবহন বিভাগ

অতি সীমিত সংখ্যক যাত্রীৰে চলিছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰীসমূহ । 2-3 জন যাত্ৰী লৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে চলাচল কৰিবলগীয়া হৈছে ফেৰীসমূহ । বৃহৎ লোকচানৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগ ৷

পুনৰ আৰম্ভ ফেৰীসেৱা
পুনৰ আৰম্ভ ফেৰীসেৱা

By

Published : May 26, 2020, 5:59 PM IST

গুৱাহাটী, 26 মে’:লকডাউনৰ তিনিটাকৈ পৰ্যায়ত অন্য ঠাইৰ লেখীয়াকৈ গুৱাহাটীতো বন্ধ হৈ আছিল ফেৰীসমূহৰ চলাচল । চতুৰ্থ পৰ্যায়ৰ লকডাউনত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰাৰ বাবে পুনৰ চলিব ধৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীসমূহ । অৱশ্যে ফেৰীসেৱা আৰম্ভ হৈছে যদিও ফেৰীসমূহত নাই যাত্ৰী ।

অতি সীমিত সংখ্যক যাত্ৰী লৈ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া হৈছে ফেৰীসমূহ । প্ৰতিদিনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত 6 খনকৈ ফেৰী চলাচল কৰি আছে যদিও যাত্ৰীৰ সংখ্যা অতি নগণ্য। 2-3 জন যাত্ৰী লৈ ফেৰীসমূহে যাত্ৰা কৰিবলগীয়া হৈছে ।

চৰকাৰী কাৰ্যালয়সমূহৰ কাম পুনৰ আৰম্ভ হোৱাত উত্তৰ গুৱাহাটীৰ পৰা কৰ্মচাৰীসকলে গুৱাহাটীলৈ প্ৰতিদিনে যাত্ৰা কৰিছে যদিও অন্যান্য যাত্ৰী নথকাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগ ৷

পুনৰ আৰম্ভ ফেৰীসেৱা

ইফালে আভ্যন্তৰীণ জল পৰিৱহণ বিভাগে কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অৱলম্বন কৰি ব্ৰহ্মপুত্ৰৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা চলাচলৰ অনুমতি প্ৰদান কৰে । সম্পূৰ্ণৰূপে সামাজিক ব্যৱধান অৱলম্বন কৰি আৰু যাত্ৰীসকল মাস্ক পৰিধান কৰিলেহে ফেৰীযোগে যাত্ৰাৰ অনুমতি প্ৰদান কৰাৰ লগতে নিয়মীয়াকৈ ফেৰীসমূহ ছেনিটাইজ কৰি আছে বুলি জানিবলৈ দিয়ে বিভাগে ।

লগতে পঢ়ক:চিকিৎসা কৰ্মীক আক্ৰমণ কৰি নিলম্বিত আৰক্ষী বিষয়া

ABOUT THE AUTHOR

...view details