গুৱাহাটী, 23 আগষ্ট : অসমত তৈল পাম কৃষি বন্ধ কৰা আৰু অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা আন্দোলন ঘোষণা কৰিছে অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে ৷ বুধবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰি অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই এই আন্দোলনৰ কথা ঘোষণা কৰে ৷
সংবাদমেলত অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাসে কয় যে পাম কৃষিৰ ভয়াৱহতা সম্পৰ্কে ইতিমধ্যে বহু তথ্য প্ৰকাশিত হৈছে ৷ শ্ৰীলংকা, ইণ্ডনেছিয়াই পাম খেতিত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হৈছে ৷ আন্দামান-নিকোবৰত নতুন পুলি ৰোপণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে, মিজোৰামৰ ডাম্পা ব্যাঘ্ৰ প্ৰকল্প ক্ষতিগ্ৰস্ত হৈছে ৷ পাম খেতিয়ে ৰাজ্যৰ কৃষকক কোনোধৰণৰ সহায় নকৰে আৰু ৰাজ্যৰ অৰ্থনীতিতো কোনো অৰিহণা নোযোগায় ৷ ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়, আই আই টি, কৃষিবিদ, পৰিৱেশ বিজ্ঞানী, কৃষক সংগঠন, বিজ্ঞান আৰু পৰিৱেশ সংগঠনসমূহৰ লগত পাম মিছন সম্পৰ্কে শীঘ্ৰেই আনুষ্ঠানিক আলোচনাৰ ব্যৱস্থা কৰা আৰু ইতিমধ্যে আৰম্ভ কৰা পাম গছ ৰোপণ কাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে তেওঁ দাবী জনায় ৷
দাসে কয় যে ৰাজ্যৰ জনমতৰ বিপৰীতে কেৱল কৰ্প’ৰেটৰ মুনাফাৰ স্বাৰ্থত কৰা পাম কৃষি বন্ধ কৰা, অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰাৰ দাবীত 26 আগষ্টত ৰাজ্যজোৰা বিক্ষোভ প্ৰদৰ্শন আৰু আন্দোলনৰ অসম ৰাজ্যিক কৃষক সভা আৰু অসম কৃষি শ্ৰমিক ইউনিয়নে আহ্বান জনাইছে ৷
সংবাদমেলত অসম কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞাই দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী আৰু পৰিৱেশবিদ, ৰাজ্যৰ বিভিন্ন কৃষক সংগঠন, ৰাজনৈতিক দলে বিগত দুবছৰে প্ৰকাশ কৰি অহা উদ্বেগ, আশংকা আৰু প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই কেৱল ৰামদেৱ, গডৰেজৰ দৰে বৃহৎ কৰ্প’ৰেটৰ মুনাফাৰ স্বাৰ্থত অসমত পাম মিছন আৰম্ভ কৰিছে ৷