অসম

assam

ৰাজ্যত বৰষুণৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস: প্ৰভাৱান্বিত কৃষিখণ্ড

By

Published : Sep 14, 2021, 10:42 PM IST

চলিত মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত অসমত স্বাভাৱিক হাৰতকৈ প্ৰায় ২০ শত‍াংশ বৰষুণ কমকৈ হৈছে । পহিলা জুনৰ পৰা ৮ ছেপ্টেম্বৰলৈকে অসমত ১২৭৫.৪ মিলিমিটাৰ বৰষুণ হ'ব লাগে যদিও এই সময়চোৱাত ৰাজ্যখনত হোৱা বৰষুণৰ পৰিমাণ হৈছে ১০৪৫.৯ মিলিমিটাৰ । যাৰ বাবে ৰাজ্যখনৰ কেইবাখনো জিলা খৰাঙৰ কৱলত ।

less rainfall affected farmers
ৰাজ্যত বৰষুণৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস

গুৱাহ‍াটী, 14 ছেপ্তেম্বৰ : অস্বাভাৱিক হাৰত বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাত কৃষি প্ৰধান ৰাজ্য অসমত সংকটৰ সন্মুখীন হৈছে কৃষক ৰাইজ । ৰাজ্যখনত কৃষকসকল বতৰৰ ওপৰতেই নিৰ্ভৰশীল । জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা নথকা ৰাজ্যখনৰ কৃষকসকলে বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হৈ নিজৰ কৃষিকাৰ্য সম্পাদন কৰে । কিন্তু এইবাৰ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

ৰাজ্যৰ কৃষক ৰাইজ পৰিছে খৰাঙৰ কৱলত

বৰ্ষাকাল শেষ হ'বলৈ আৰু বেছি দিন নাই । গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে এইবাৰ অসমত বৰ্ষাকালত বিশেষকৈ ১ জুনৰ পৰা এই পৰ্যন্ত স্বাভাৱিক হাৰতকৈ ২০ শতাংশ কম বৰষুণ হৈছে । কৃষি বিভাগৰ তথ্য মতে অসমত এই পৰ্যন্ত ১৮.৭২ লাখ হেক্টৰ মাটিত শালি ধানৰ ভূঁই ৰোৱা হৈছে । কিন্তু প্ৰয়োজনীয় বৰষুণ অভাৱত সমস্যাত পৰিছে কৃষক ৰাইজ ।

বৰষুণৰ বাবে ধান খেতি আৰু চাহ উদ্যোগটোত সংকট

এতিয়াও শালি ধানেই অসমৰ প্ৰধান খেতি । বাৰিষ‍াৰ বতৰ আৰম্ভ হোৱাৰ পৰাই এইবাৰ চলিত মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত অসমত স্বাভাৱিক হাৰতকৈ প্ৰায় ২০ শতাংশ বৰষুণ কমকৈ হৈছে ।

লক্ষণীয় বিষয় যে, বানপানী অসমৰ এটা দীৰ্ঘদিনীয়া জলন্ত সমস্য‍া । প্ৰত্যেক বছৰে বানপানীয়ে ৰাজ্যজুৰি ভয়াৱহ ধ্বংসলীলা চলায় । এইবাৰো ৰাজ্যৰ বিভিন্ন জিলাত বানপানী হৈছে যদিও অন্য বছৰৰ তুলানত ইয়াৰ ভয়াৱহতা যথেষ্ট কম । বানপানীয়ে কেইবাখনো জিলাত প্ৰভাৱ বিস্তাৰ কৰাৰ বিপৰীতে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাত কৃষিকাৰ্যৰ ওপৰত প্ৰভাৱ পৰিছে ।

বৰষুণ অভাৱত সমস্যাত পৰিছে কৃষক ৰাইজ

লগতে পঢ়ক:বৰাক উপত্যাকাৰ অসমীয়া মাধ্যমৰ স্কুলৰ সপক্ষে থিয় দিছে প্রদীপ দত্ত ৰয়

ঘাটি বৰষুণৰ বাবে ধান খেতি আৰু চাহ উদ্যোগটোত সংকটে দেখা দিছে । পহিলা জুনৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বাৰিষাৰ বতৰ আৰম্ভ হোৱা বুলি চৰকাৰীভাৱে গণ্য কৰা হয় । এই বছৰ পহিলা জুনৰ পৰা ১৫ আগষ্টলৈকে আঢ়ৈ মাহত অসমত বৰষুণৰ ঘাটি আছিল ২১ শতাংশ । চলিত মাহৰ প্ৰথম সপ্তাহলৈকে বৰষুণৰ ঘাটি ১৯ শতাংশলৈ হ্ৰাস পাইছে ।

বৰষুণ অভাৱত সমস্যাত পৰিছে কৃষক ৰাইজ

পহিলা জুনৰ পৰা ৮ ছেপ্টেম্বৰলৈকে অসমত ১২৭৫.৪ মিলিমিটাৰ বৰষুণ হ'ব লাগে যদিও এই সময়চোৱাত ৰাজ্যখনত হোৱা বৰষুণৰ পৰিমাণ হৈছে ১০৪৫.৯ মিলিমিটাৰ । অৱশ্যে অসমৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো এইবাৰ স্বাভাৱিক পৰিমাণতকৈ কম বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতেই সদৰি কৰিছিল ।

লগতে পঢ়ক:তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

এতিয়ালৈকে মণিপুৰত ৫৯ শতাংশ, মেঘালয়ত ১৫ শতাংশ, মিজোৰামত ২৩ শতাংশ, নগালেণ্ডত ২৯ শতাংশ আৰু ত্ৰিপুৰাত ১৪ শতাংশ বৰষুণৰ ঘাটি হৈছে । অসম আৰু মেঘালয়ত ২০১০, ২০১১, ২০১৩, ২০১৬ আৰু ২০১৮ চনত বৰষুণ যথেষ্ট পৰিমাণে কম হৈছিল যদিও ২০১২, ২০১৪, ২০১৫, ২০১৭, ২০১৯ বর্ষত বৰষুণৰ পৰিমাণ স্বাভাৱিক আছিল । ইয়াৰ বিপৰীতে ২০২০ চনত বৰষুণৰ পৰিমাণ স্বাভাৱিক অৱস্থাতকৈ যথেষ্ট বেছি হৈছিল ।

ৰাজ্যত বৰষুণৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস

বিগত এটা দশকৰ তথ্যসমূহ লক্ষ্য কৰি দেখা যায় যে প্ৰতি এক-দুবছৰৰ মূৰে মূৰে অসমত বৰষুণৰ পৰিমাণ হ্ৰাস পাই আহিছে । যাৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলা খৰাঙৰ কৱলত পৰে । অসমৰ অধিকাংশ কৃষক ধান খেতিৰ সৈতে জড়িত । ধান খেতিৰ বাবে প্ৰচুৰ পানীৰ প্ৰয়োজন ।

লগতে পঢ়ক:প্ৰয়াত কবি-অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ 51 সংখ্যক ওপজা দিন উদযাপন

মে'-জুন মাহত কঠীয়া ৰোৱাৰ সময়ত বৰষুণৰ প্ৰয়োজন । এইবাৰ এই সময়ছোৱাতে বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাত স্বাভাৱিকতে ধান খেতিত বিৰূপ প্ৰভাৱ পৰিছে । বৰষুণৰ পৰিমাণ হ্ৰাস হোৱাৰ ফলত ৰাজ্যৰ চাহ খেতিও প্ৰভাৱিত হৈছে । উল্লেখ্য যে, গোলাঘাট জিলাৰ দুটা ৰাজহ চক্ৰ খৰাং প্ৰভাৱিত বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে । তিনিচুকীয়া আৰু ওদালগুৰিৰ বৃহৎ অঞ্চলো গুৰুতৰভাৱে খৰাং পীড়িত বুলি ঘোষণা কৰা হৈছে ।

বৰষুণ অভাৱত বিৰূপ প্ৰভাৱ কৃষিখণ্ডত

ৰাজ্যৰ কৃষক ৰাইজ খৰাঙৰ কৱলত পৰিছে যদিও কল্যাণকামী চৰকাৰখনে কৃষকক এই সংকটৰ পৰা উদ্ধাৰ কৰাৰ বাবে বিশেষ কোনো উদ্যোগ গ্ৰহণ নকৰাটো অতি পৰিতাপৰ বিষয় । কৃষকৰ আয় দুগুণ কৰাৰ কথা কোৱা চৰকাৰখনে কিন্তু কৃষকক কৃষিকাৰ্য কৰাৰ উপযুক্ত পৰিৱেশেই প্ৰদান কৰিব পৰা নাই ।

লগতে পঢ়ক:জনজাতিকৰণ সম্পৰ্কত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ

ABOUT THE AUTHOR

...view details