গুৱাহাটী, 31 মে' : মহানগৰীৰ ফাঁচী বজাৰক কনটেনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ পাছত এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে ফাঁচী বজাৰৰ ব্যৱসায়ীসকল ৷ দৰাচলতে 14 মে'ত মংৰু সাহানীৰ সংস্পৰ্শলৈ অহা ১৫ গৰাকীকৈ লোকৰ শৰীৰত COVID 19 ধৰা পৰাৰ পিছত প্ৰশাসনে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক কেন্দ্ৰস্থলখন সম্পূৰ্ণ ছীল কৰি দিছিল ৷ 14 মে' ৰ পৰা ফাঁচী বজাৰৰ সকলো পথ-উপপথত কন্টাইনমনেট জ'নৰ পোষ্টাৰৰ লগতে তলা উলমাই দিয়াৰ পিছতে 14 দিনৰ বাবে স্তব্ধ হৈ আছিল ফাঁচী বজাৰ ।
কনটেনমেণ্ট জ'ন ঘোষণাৰ পাছত বৃহৎ লোকচানৰ সন্মুখীন ফাঁচী বজাৰৰ ব্যৱসায়ী - ফাঁচী বজাৰ
14 মে' ৰ পৰা ফাঁচী বজাৰৰ সকলো পথ-উপপথত কন্টাইনমনেট জ'নৰ পোষ্টাৰৰ লগতে তলা উমলাই দিয়াৰ পিছতে 14 দিনৰ বাবে স্তব্ধ হৈ আছিল ফাঁচী বজাৰ। দেওবাৰে 14 দিনৰ অন্তত প্ৰশাসনে কনটেণ্টমেণ্ট জ'ন উঠাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷
![কনটেনমেণ্ট জ'ন ঘোষণাৰ পাছত বৃহৎ লোকচানৰ সন্মুখীন ফাঁচী বজাৰৰ ব্যৱসায়ী Fancy bazar facing lost for lock down etv Bharat Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7420306-155-7420306-1590934333237.jpg)
কনটেনমেণ্ট জ'ন ঘোষণাৰ পাছত বৃহৎ লোকচানৰ সন্মুখীন ফাঁচী বজাৰৰ ব্যৱসায়ী
কনটেনমেণ্ট জ'ন ঘোষণাৰ পাছত বৃহৎ লোকচানৰ সন্মুখীন ফাঁচী বজাৰৰ ব্যৱসায়ী
দেওবাৰে 14 দিনৰ অন্তত প্ৰশাসনে কনটেণ্টমেণ্ট জ'ন উঠাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰে ৷ লগে লগে ফাঁচী বজাৰৰ ফল মূলৰ দোকানসমূহ খোলা হয় যদিও ৰমজানৰ বাবে ব্যৱসায়ীসকলে যোগাৰ কৰি ৰখা ফল মূলসমূহ বস্তাই বস্তাই গেলি যোৱা পৰিলক্ষিত হয় ৷ 14 দিনৰ অন্তত দোকান খোলাৰ পিছতে ফলমূল গেলি নষ্ট হৈ যোৱাত এতিয়া নিৰূপায় হৈ পৰিছে ব্যৱসায়ীসকল । আনহাতে বৰ্তমানো ফাঁচী বজাৰত দোকান পোহৰ খোলাৰ ক্ষেত্ৰত কিছু বাধা ৰাখিছে প্ৰশাসনে ।
TAGGED:
ফাঁচী বজাৰ