গুৱাহাটী, 6 মেঃ অসমৰ বিভিন্ন ঠাইত মঙলবাৰৰ পৰা নীতি নিৰ্দেশনাৰ মাজেৰে দোকানসমূহ খোলাৰ লগতে মহানগৰীৰ সদাব্যস্ত ফাচী বজাৰৰ এক তৃতীয়াংশ দোকান ৰাইজৰ বাবে মুকলি কৰা হৈছে ৷ লাখটকীয়া ব্যৱসায়িক সন্থাৰ সম্পাদক নেকিব ইমান শইকীয়াই জানিবলৈ দিয়া অনুসৰি প্ৰশাসনৰ নীতি নিৰ্দেশনাৰ মাজেৰে মুকলি কৰা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।
প্ৰশাসনৰ অনুমতিৰে মুকলি হ'ল ফাচী বজাৰৰ এক তৃতীয়াংশ - কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা বৈঠকত
সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমুখত একোটাকৈ সংখ্যা দি প্ৰণালীবদ্ধভাবে দোকানসমূহ খোলাৰ বাবে নিয়ম বান্ধি দিছে ব্যৱসায়িক সন্থাই । কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা বৈঠকত এখন দোকান এদিন খোলাৰ পাছত দুদিনকৈ বন্ধ ৰখা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা বুলি অৱগত কৰে সম্পাদক নেকিব ইমান শইকীয়াই ।
সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত একোটাকৈ সংখ্যা দি প্ৰণালীবদ্ধভাবে দোকানসমূহ খোলাৰ বাবে নিয়ম বান্ধি দিছে ব্যৱসায়িক সন্থাই । কামৰূপ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰে হোৱা বৈঠকত এখন দোকান এদিন খোলাৰ পাছত দুদিনকৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি অৱগত কৰে সম্পাদক নেকিব ইমান শইকীয়াই ।
উল্লেখ্য যে, ডেৰ মাহৰ অন্তত দোকানসমূহ মুকলি কৰা হৈছে যদিও ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বিশেষ লাভলাভ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে । আনহাতে, লক্ ডাউনৰ বাবে পূৰ্বৰ দৰে গ্ৰাহকৰ ভিৰ নাথাকিলেও মঙলবাৰে কিছু কিছু স্থানত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছিল ৷
TAGGED:
মহানগৰীৰ ফাচী বজাৰ