গুৱাহাটী,১২ নৱেম্বৰঃঅসমত ৰাজনৈতিক কাৰ্টুনৰ গুৰি ধৰোঁতা তথা পৃথক চিন্তাৰে চিত্ৰ আৰু কাৰ্টুনৰ দ্বাৰা সজাগ-সচেতনতাৰ সৃষ্টি কৰা প্ৰখ্যাত চিত্ৰকৰ তথা কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তই বুধবাৰে ইহলীলা সম্বৰণ কৰে ৷ ৯০ বছৰ বয়সত দেহাৱসান ঘটা প্ৰসিদ্ধ কাৰ্টুনিষ্টগৰাকী দীৰ্ঘদিন ধৰি জিএমচিত চিকিৎসাধীন হৈ আছিল ৷ সোমবাৰৰ পৰা ক্ৰমশঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল দত্তক ৷ অৱশেষত বুধবাৰে নিশা ১১ বজাত বৈকুণ্ঠগামী হয় প্ৰবীণ চিত্ৰকৰগৰাকী । বৃহস্পতিবাৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত দত্তৰ নশ্বৰদেহ তেওঁৰ হাতীগাঁৱৰ লখিমী নগৰৰ বাসগৃহত অন্তিম শ্ৰদ্ধা জনাই পোনে পোনে গুৱাহাটী আৰ্টিষ্ট গ্ৰীল্ড আৰু পৰৱৰ্তী সময়ত তেওঁৰ কৰ্মস্থান আসাম ট্ৰিবিউন গোষ্ঠীৰ কাৰ্যালয়লৈ নি অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে সতীৰ্থ কৰ্মী তথা শুভাকাংক্ষীসকলে। ইয়াৰ পিছতে নৱগ্ৰহ শ্মশানত অন্তিম সৎকাৰ কৰা হয় প্ৰবীণ চিত্ৰকৰগৰাকীৰ ।
দৈনিক অসম বাতৰি-কাকতৰ কাঁহুদী শিৰোনামাৰে অসমৰ প্ৰথমটো 'বক্স কাৰ্টুন' বা 'পকেট কাৰ্টুন' অংকন কৰা ত্ৰৈলোক্য দত্তৰ জন্ম হৈছিল বৰপেটা জিলাৰ বজালী অঞ্চলৰ ৰতনপুৰ গাঁৱত । তেখেতৰ পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ৰতিৰাম দত্ত আৰু ৰথেশ্বৰী দত্ত। ১৯৫০ চনত বজালী উচ্চ বিদ্যালয়ৰ পৰা ত্ৰৈলোক্য দত্তই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ত আই.এছ.চি. শিক্ষাগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীলৈ আহি টাইপ ৰাইটিং, ষ্টেন'গ্ৰাফী, সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰ শিক্ষা গ্ৰহণ কৰে। ১৯৫২ চনত তেওঁ নতুন অসমীয়া কাকতত বিজ্ঞাপন বিভাগৰ কাৰ্যালয় সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কাকতখনৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই ত্ৰৈলোক্য দত্তৰ চিত্ৰাংকণৰ দক্ষতাৰ বিষয়ে জানিবলৈ পাই তেখেতৰ হতুৱাই অসমৰ বান সমস্যা সন্দৰ্ভত এখন ব্যংগচিত্ৰ অংকন কৰায়। ইয়াৰ পাছত তেখেতে সূৰ্য্য কুমাৰ ভূঞাৰ আমন্ত্ৰণত অসম চৰকাৰৰ 'চৰকাৰী বুৰঞ্জী আৰু পূৰাতত্ব বিভাগ'ত যোগদান কৰে আৰু পুৰণি পুথিৰ নৱ-লিখন কাম কৰিবলৈ আৰম্ভ কৰে।তদুপৰি চৰকাৰী জলপানি লৈ ত্ৰৈলোক্য দত্তই কলিকতাৰ চাৰুকলা মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল যদিও সময়মতে জলপানিৰ ধন নোপোৱাত তেওঁ ইটো-সিটো কাম কৰি অধ্যয়ন চলাই যায়। ইপিনে ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত তেওঁ অসমলৈ উভতি অহাত জলপানিৰ ধনো বন্ধ হৈ যায়। কিন্তু নিজৰ খৰচতে ত্ৰৈলোক্য দত্তই অধ্যয়ন অব্যাহত ৰাখে আৰু ১৯৬৩ চনত অধ্যয়ন সম্পূৰ্ণ কৰি অসমলৈ উভতি আহে ৷