গুৱাহাটী,৬ জানুৱাৰী: মানুহ যিমানেই আত্মকেন্দ্ৰিক হৈ পৰিছে সিমানেই বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাত তথা সমস্যা । পূৰ্বতে পৰিয়ালবোৰ ডাঙৰ আছিল যদিও সংঘাত কম আছিল । কিন্তু বৰ্ত্তমান সময়ত পৰিয়ালবোৰ সৰু হৈ অহাৰ লগে লগে বৃদ্ধি পাইছে পাৰিবাৰিক সংঘাত । অতি উদ্বেগৰ বিষয় যে ৰাজ্যখনত ক্রমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে পাৰিবাৰিক কন্দল । পাৰিবাৰিক সম্পৰ্ক সমূহৰ মাজত আহি পৰিছে ব্যৱধান আৰু ফলস্বৰূপে বৃদ্ধি পাইছে সংঘাট(Family conflicts are on the rise in assam) ।
বৃদ্ধি পাইছে স্বামী-স্ত্ৰীৰ মাজৰ মনোমালিন্য । আজিৰ যান্ত্ৰিক পৃথিৱীত প্রেম-ভালপোৱাৰে গঢ়া সামাজিক বান্ধোন যেন ক্ৰমাৎ মূল্যহীন হৈ পৰিছে । উল্লেখ যে, বিবাহ বিচ্ছেদ বিচাৰি অথবা পৰিয়ালকেন্দ্রিক সংঘাতৰ অভিযোগ তুলি পাৰিবাৰিক আদালতত দাখিল কৰা আবেদনকাৰী সকলৰ জীৱনৰ পৰিক্ৰমাই উন্মোচিত কৰিছে বিভিন্ন দিশ । তথ্য অনুসৰি ৰাজ্যখনত বিগত বৰ্ষৰ মাত্ৰ ১০ টা মাহতে পাৰিবাৰিক আদালতত(Family Court) ৰুজু হৈছে ৫,১৪১টা গোচৰ ।
ইয়াৰে বেছিভাগ গোচৰেই হ'ল বিবাহ বিচ্ছেদ বিচাৰি কৰা আবেদন(Application seeking divorce) । সেই হিচাপত চাবলৈ গ'লে কেবল পাৰিবাৰিক সংঘাতৰ বাবেই বিগত দহটা মাহত এই বৃহৎসংখ্যক গোচৰ ৰুজু হৈছে । ইয়াৰ বিপৰীতে অসমৰে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশ, মিজোৰাম আৰু মেঘালয়ত কোনো তেনে গোচৰ ৰুজু হোৱা নাই । লক্ষণীয় বিষয় যে এই তিনিখন ৰাজ্যত এতিয়ালৈকে পাৰিবাৰিক আদালত স্থাপন কৰাই হোৱা নাই ।
উল্লেখ্য যে, ৰাজ্যখনত পাৰিবাৰিক অন্তঃকলহৰ বাবে ৰুজু হোৱা গোচৰৰ ভিতৰত বিগত ৪ বছৰৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে বিগত বৰ্ষতেই সর্বাধিক গোচৰ ৰুজু হৈছে । ৰাজ্যখনত ৭ খন পাৰিবাৰিক আদালত চলি আছে । বিগত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩১ অক্টোবৰলৈ ৰুজু হৈছে ৫,১৪১ টা গোচৰ । আনহাতে ৩১ অক্টোবৰলৈ ৰাজ্যৰ পাৰিবাৰিক আদালত নিষ্পত্তি হ'বলৈ বাকী থকা গোচৰৰ সংখ্যা হৈছে ৭,৯০১ টা ।