গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী :ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে পৰিয়ালকেন্দ্ৰিক বিবাদ (Domestic violence increased in Assam)। অৰ্থনৈতিক সমস্যা, ঘৰুৱা হিংসা, অবৈধ সম্পৰ্ক, পৰস্পৰে পৰস্পৰৰ মাজত বুজা বুজি নথকা, নিচাজাতীয় দ্ৰব্য সেৱন, যৌতুকৰ দাবী আদিক কেন্দ্ৰ কৰিয়েই এই পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনাসমূহ সংঘটিত হৈ আহিছে । ৰাজ্যিক সমাজ কল্যাণ পৰিষদৰ তথ্যত উন্মোচিত হৈছে ৰাজ্যত পৰিয়ালকেন্দ্ৰিক বিবাদৰ এই ভয়াৱহ ছবি ।
ৰাজ্যিক সমাজ কল্যাণ পৰিষদত পোৱা তথ্য অনুসৰি ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চ মাহলৈকে ৰাজ্যত ৩৫৮৮ টা পাৰিবাৰিক সংঘাত হৈছে (State Social Welfare Board report)। ২০২০- ২১ চনত ৩৯৭৩ টা পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে । আনহাতে ২০১৯-২০ ত ৩৬৯০ টা পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে ।
এই গোচৰৰ অধিকাংশই স্বামী-স্ত্ৰীৰ অবৈধ সম্পৰ্ক, সুৰাপান কৰি স্বামী-স্ত্ৰীৰ কন্দল, আৰ্থিক সমস্যা, ঘৰুৱা হিংসা যৌতুক দাবীৰে মানসিক আৰু শাৰীৰিক অত্যাচাৰ আদি । ২০২১-২২ বৰ্ষত ৩৫৮৮ টা পাৰিবাৰিক সংঘাত হৈছে । তাৰ ভিতৰত যৌতুক জনিত কাৰণত ২২৯ টা, ঘৰুৱা হিংসা ৪৮৭ টা, সুৰাপান কৰি স্বামী-স্ত্ৰীৰ কন্দল ৫৯০ টা, আৰ্থিক সমস্যা ৩৫৭ টা, অবৈধ সম্পৰ্ক ৩৬৫ টাকে ধৰি বিভিন্ন কাৰণত পৰিয়ালকেন্দ্ৰিক বিবাদৰ ঘটনা সংঘটিত হৈছে (Family centered disputes in Assam)।