গুৱাহাটী,20 অক্টোবৰঃ মঙলবাৰে পল্টনবজাৰ আৰক্ষীৰ জালত পৰে দুটাকৈ ভুৱা আলফা। আলফা নেতা জীতেন দত্তৰ নামত মহানগৰীৰ এখন হোটেলত ধনদাবী কৰিছিল এই দুই ভুৱা আলফাই। ইপিনে ঘটনা সন্দৰ্ভত হোটেল কৰ্তৃপক্ষই পল্টনবজাৰ আৰক্ষী থানা দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৭৯৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
আৰক্ষীৰ জালত ভুৱা আলফা - হোটেল কৰ্তৃপক্ষ
আলফা নেতা জীতেন দত্তৰ নামত ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল দুই ভুৱা আলফা ৷ সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তদন্ত অব্যাহত আৰক্ষীৰ ৷
![আৰক্ষীৰ জালত ভুৱা আলফা fake ulfa arrested at paltanbazar police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9247865-261-9247865-1603202171916.jpg)
আৰক্ষীৰ জালত ভুৱা আলফা
আৰক্ষীৰ জালত ভুৱা আলফা
আনহাতে মঙলবাৰে পল্টনবজাৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। ধৃত যুৱক দুজনৰ নাম ৰাজু দাস ওৰফে পংকজ আৰু প্ৰণৱ ভূঞা। দীৰ্ঘদিন ধৰি আলফা নেতাৰ নামত ধনদাবী কৰি আহিছিল দুই ভুৱা আলফাই। সম্প্ৰতি আৰক্ষীৰ জেৰাত ইতিমধ্যেই সকলো কথা প্ৰকাশ কৰিছে এই দুই ভুৱা আলফাই।
লগতে পঢ়কঃ 'ৰূপান্তৰ প্ৰজন্মৰ প্ৰতিধ্বনি'' শীৰ্ষক এখনি ক্ষুদ্ৰ আলোচনীৰ উন্মোচন