গুৱাহাটী, 31 মে' : যোৱা কেইবাদিনো ধৰি অসম আৰক্ষীৰ মোহৰ সম্বলিত এখন জাননী বিভিন্ন হোৱাটছএপ গ্ৰুপত প্ৰচাৰ হৈছিল। সেই একেখন জাননী ৩০ মে'ৰ নিশা অসমৰ জনসংযোগ বিভাগৰ হোৱাটছ এপ গ্ৰুপতো আপলোড কৰা হৈছিল । কিন্তু সেই জাননীখন এতিয়া চৰ্চিত হৈছে ৷
হোৱাট্চ এপত ভাইৰেল ভুৱা জাননী জাননী খনত জনসাধাৰণলৈ ১৩ টা পৰামৰ্শ উল্লেখ আছিল। তাৰ ভিতৰত কেইটামান হ’ল-
• মহিলাসকলক বেছি আ-অলংকাৰ পৰিধান কৰি ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ ৷
• নিৰ্জন বা অন্ধকাৰ ৰাস্তাৰে অকলে নাযাবলৈ পৰামৰ্শ ৷
• পাৰ্চ বা মানিবেগত মূল্যৱান সামগ্ৰী, অলংকাৰ, নগদ ধনৰাশি বেছিকৈ নাৰাখিবলৈ পৰামৰ্শ ।
অসম আৰক্ষীৰ মোহৰ সম্বলিত ভুৱা জাননী কিন্তু আশ্চৰ্যজনক ভাৱে পৰৱৰ্তী সময়ত জনসংযোগ বিভাগে এই জাননী খন সম্পূৰ্ণ ভূৱা হিচাপে অভিহিত কৰে আৰু ইয়াৰ কোনো সত্যতা নাই বুলি বিভাগে নিশ্চিত কৰে। কোনে কি ধৰণে এইদৰে আৰক্ষীৰ মোহৰ সম্বলিত জাননীখন ভাইৰেল কৰিছিল সেইয়া জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : অসমীয়া অনুবাদত নতুন সংযোজন ঘটাই তিনিবন্ধুৰ ব্যতিক্ৰমী প্ৰয়াস