গুৱাহাটী, 10 জুনঃআদালত প্ৰেম, মেচেজ তাৰ পাচতেই প্ৰতাৰণা ৷ হয় আমি ক’বলৈ গৈছো এজন ভণ্ড অধিবক্তাৰ কথা ৷ পতি পত্নীৰ বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া আদালতত চলি থকাৰ মাজতেই আবিৰ্ভাৱ ঘটিল এজন অধিবক্তাৰ । মোচাৰফ হুছেইন নামৰ এজন ভণ্ড অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তা বুলি মিছা পৰিচয় দিছিল ভুক্তভোগি এগৰাকী মহিলাক । মহিলাগৰাকীক প্ৰতিশ্ৰুতি, বিবাহ বিচ্ছেদৰ কেছ অতি কম দিনৰ ভিতৰতে জয় লাভ কৰাই দিব মহিলাগৰাকীক । ইয়াৰ বাবে মহিলাগৰাকীৰ পৰা পাৰিশ্ৰমিক ভাৱে এক লাখ সত্তৰ হাজাৰ টকা নগদ ধন লৈছিল ধৃত মোচাৰফে ।
প্ৰেম-প্ৰতাৰণাৰ পাচত ৰঙাঘৰত অধিবক্তা - ভৰলুমুখ আৰক্ষী
বিবাহৰ প্ৰলোভনেৰে এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি অশ্লীল ফটো সংগ্ৰহেৰে ভাবুকি প্ৰদান কৰা ভণ্ড প্ৰেমিক অৱশেষত আলহী হ’ল ৰঙাঘৰৰ ৷
সময় বাগৰাৰ লগে লগে আদালতৰ চিনাকি ৰূপান্তৰ হ'ল প্ৰেমত । কিন্তু বিবাহ বিচ্ছেদৰ বিষয়টো কোনো অগ্ৰগতি লাভ নকৰাত বাক বিতণ্ডাত লিপ্ত হ’ল দুয়ো । এই ঘটনাৰ পিছতেই ভণ্ড প্ৰেমিক মোচাৰফ হুছেইন মহানগৰীৰ বিষ্ণুপুৰত শনিবাৰে নিশা আহিল মহিলাগৰাকীৰ বাসগৃহলৈ ৷ বিবাহৰ প্ৰলোভন দি মহিলাগৰাকীৰ অশ্লীল ফটো বন্দী কৰি মহিলাগৰাকীক ভাবুকি প্ৰদান মোচাৰফৰ । ভৱিষ্যতে টকা ঘূৰাই খুজিলে মহিলাগৰাকীক সমাজত মুখ দেখাব নোৱাৰা কৰি দিব বুলিও ভাবুকি প্ৰদান ভণ্ড প্ৰেমিকৰ ৷
এই ঘটনাৰ পাচতেই উপায়ন্তৰ হৈ পিচত ভৰলুমুখ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী । ভৰলুমুখ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি মহানগৰীৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম ভণ্ড মোচাৰফ হুছেইনক ।