গুৱাহাটী, ২৬ নৱেম্বৰ :প্ৰৱঞ্চকৰে ভৰিছে এতিয়া ৰাজ্য ৷ বিভিন্ন প্ৰৱঞ্চনা কৰি একাংশই লুটিছে ধন ৷ এইবাৰ স্বাস্থ্য বিভাগ (Health Deparment)ত চাকৰি দিয়াৰ প্ৰলভন দি প্ৰৱঞ্চনাৰে ধন লুটাৰ চেষ্টা কৰিছিল একাংশই ৷
কিন্তু দিন বেয়া আছিল বপুৰা কেইটাৰ ৷ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ প্ৰলভন দি প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চকৰ এটা দল (Police arrested group of fraud) । আটকাধীন প্ৰৱঞ্চক কেইটা ক্ৰমে বিহপুৰীয়াৰ ত্ৰৈলোক্য শইকীয়া, গুৱাহাটীৰ প্ৰেম বাছফৰ আৰু দিম্পল পাঠক বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে গড়চুকৰ হোটেল পৰশুৰামৰ পৰা প্ৰৱঞ্চক কেইটাক আটক কৰা হয় ৷ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে কেইবাজনো পৰীক্ষাৰ্থীক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ প্ৰলভন দি ভুৱা পৰীক্ষা অনুষ্ঠিত কৰিছিল গড়চুকৰ হোটেল পৰশুৰামত ৷ আনকি শুকুৰবাৰে প্ৰৱঞ্চকৰ দলটোৱে স্বাস্থ্য বিভাগৰ চাকৰিৰ নিযুক্তি পত্ৰ দিয়াৰ নামত গড়চুকৰ হোটেলখনত মাতিছিল কেইবাগৰাকী প্ৰাৰ্থীকো ৷
কিন্তু দশা বেয়া আছিল আটকাধীন প্ৰৱঞ্চককেইটাৰ ৷ এক গোপন তথ্যৰ ভিত্তিত ভুৱা পৰীক্ষা অনুষ্ঠিত হোৱাৰ খবৰ লাভ কৰে গুৱাহাটী আৰক্ষীয়ে ৷ এই খবৰ লাভ কৰিয়েই তৎতকালীনভাৱে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত লগতে তেওঁৰ সৈতে এটা আৰক্ষীৰ দল উপস্থিত হয় সেই স্থানত আৰু হাতে-লুটে ধৰিবলৈ সক্ষম হয় প্ৰৱঞ্চক কেইটাক ৷