গুৱাহাটী, 7 জানুৱাৰী:আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বহু অপৰাধীক বিভিন্ন সময়ত অসম আৰক্ষীয়ে ভুৱা একাউণ্টাৰৰ জড়িয়তে যে হত্যা কৰি আহিছে সেই কথা বিভিন্ন সময়ত প্ৰমাণিত হৈ আহিছে (Fake encounters in Assam)। এনেদৰেই ভুৱা এনকাউণ্টাৰেৰে অভিযুক্তক হত্যা কৰি পুনৰ এবাৰ বিপদত পৰিছে অসম আৰক্ষী (Assam police in trouble after fake encounter)।
ৰাজ্যিক মানৱ অধিকাৰ আয়োগে (Human Rights Commission) যোৱা সোমবাৰে জিম্মাত থকা এজন অভিযুক্তক ভুৱা এনকাউণ্টাৰত গুলীয়াই হত্যা কৰাৰ অপৰাধত দৰং জিলাৰ খাৰুপেটীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু চক্ৰ পৰিদৰ্শক অচ্যুৎ দত্তক মৃতকৰ পৰিয়ালক ৭ লাখ টকা ক্ষতি পূৰণ দিয়াৰ নিৰ্দেশ দিছে (Darrang Police to pay fine for fake encounter)।
অসম মানৱ অধিকাৰ আয়োগে ভুৱা এনকাউণ্টাৰৰ গোচৰটোত আৰক্ষী বিষয়াদ্বয়ৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰু মৃতকৰ পত্নীক ক্ষতিপূৰণ দিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছে । দৰং জিলাৰ আৰক্ষী অধীক্ষকে প্ৰদান কৰা তথ্যৰ ভিত্তিত অসম মানৱ অধিকাৰ আয়োগে এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰি ভুৱা এনকাউণ্টাৰৰ ঘটনাটোৰ তদন্ত কৰিছিল (Fake encounter in Darrang) ।
অভিযোগ অনুসৰি খাৰুপেটীয়া আৰক্ষীয়ে এটা গোচৰত আশা বাবু নামৰ লোকজনক ২০২১ চনৰ ১০ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল৷ নিশা অভিযুক্তজনক লগত লৈ খাৰুপেটীয়া আৰক্ষীয়ে দলগাঁৱৰ ধনশিৰি ঘাটলৈ লৈ যায় । কিন্তু নদীৰ পাৰতে লুকুৱাই থোৱা অস্ত্ৰৰ সন্ধান দিয়াৰ চলেৰে অভিযুক্তজনে আৰক্ষীলৈ গুলী কৰাত প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলী কৰাৰ ফলত আশা বাবুৰ মৃত্যু হোৱা বুলি তদন্তকাৰী আৰক্ষীয়ে সেই সময়ত দাবী কৰিছিল ।