গুৱাহাটী, ১৮ জুলাই: প্ৰাপ্য বকেয়া আদায়ৰ দাবীত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত সোমবাৰে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত(Assam Fair price shop dealers Association) এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । সুলভ মূল্যৰ ব্যৱসায়ীসকলে সন্মুখীন হৈ অহা বহুকেইটা সমস্যা সমাধানৰ দাবী উত্থাপন কৰে প্ৰতিবাদস্থলীত ৷
প্ৰতি কুইন্টল চাউলৰ কমিচন ৪৪০ টকালৈ বৃদ্ধি কৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো ৰাজ সাহায্যযুক্ত চেনী যোগান ধৰা, কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰি প্ৰতিটো পৰিয়ালক ৫ লিটাৰকৈ দিয়াৰ ব্যৱস্থা কৰা, উজলা আঁচনিৰ গেছৰ চিলিণ্ডাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক সুলভ মূল্যৰ দোকানীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Protest at Sasal in Guwahati) ।