অসম

assam

ETV Bharat / state

PMAY scheme: PMAY আঁচনি ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ - PMAY আঁচনি ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

নিৰ্ধাৰিত লক্ষ্যৰ মাত্র ২৮.৫ শতাংশ গৃহহে নিৰ্মাণ কৰা হৈছে অসমত । অসমে অহা ডেৰ বছৰৰ ভিতৰত বাকী থকা ৭১.৫ শতাংশ গৃহ নিৰ্মাণ কৰিব লাগিব । অন্যথা ভৰিব লাগিব জৰিমনা । কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি ৰূপায়ণ কৰিব নোৱৰাৰ বাবে ৰাজ্য চৰকাৰক জৰিমনা বিহিবলৈ ওলোৱা কাৰ্য নিসন্দেহে গুৰুত্বপূৰ্ণ বিষয়(Assam govt failed to implement PMAY scheme) ।

failed to implement pmay scheme in assam
PMAY scheme: PMAY আঁচনি ৰূপায়ণত ব্যৰ্থ অসম চৰকাৰ

By

Published : Oct 14, 2022, 2:58 PM IST

গুৱাহাটী,১৪ অক্টোবৰ: নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰধানমন্ত্রী আৱাস যোজনা আঁচনিখন ৰূপায়ণ কৰিব নোৱাৰি এতিয়া সমস্যাত পৰিছে অসম চৰকাৰ(Assam govt failed to implement PMAY scheme) । কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্রী আৱাস যোজনা (গ্রামীণ) আঁচনিখনৰ অধীনত নিৰ্মাণ কৰিব লগীয়া ২০,৮৪,০৭০টা গৃহ ২০২৪ চনৰ মাৰ্চ মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে । আনকি নিৰ্দিষ্ট সময়ৰ ভিতৰত গৃহ নির্মাণ কৰিব নোৱাৰিলে জৰিমনা বিহা হ’ব বুলিও জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

উল্লেখ যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনত ‘সকলোৰে বাবে ঘৰ'ৰ শ্ল'গান দিছিল । সেই অনুসৰি কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্রালয়ে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্রামীণ)ৰ অধীনত মোদী চৰকাৰে অসমত ২০,৮৪,০৭০টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । প্রথম অৱস্থাত এই গৃহসমূহ ২০২২ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও পাছত ক'ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এই লক্ষ্য ২০২৪ চনৰ মাৰ্চলৈ পিছুৱাই দিয়া হয় ।

কিন্তু সকলোতকৈ ডাঙৰ কথা যে অসমত বিগত সাত বছৰত কেন্দ্ৰৰ এই অভিলাষী আঁচনিখনৰ অধীনত মাত্র ৫,৯৫,৮৬৯টা গৃহহে নিৰ্মাণ হৈছে । অর্থাৎ নিৰ্ধাৰিত লক্ষ্যৰ মাত্র ২৮.৫ শতাংশ গৃহহে নিৰ্মাণ কৰিছে ৰাজ্য চৰকাৰখনে । এতিয়া কেন্দ্ৰই বান্ধি দিয়া লক্ষ্যত উপনীত হ’বলৈ হ'লে অসমে অহা ডেৰ বছৰৰ ভিতৰত বাকী থকা ১৪,৮৮,২০১টা (৭১.৫ শতাংশ) গৃহ নিৰ্মাণ কৰিব লাগিব । কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে অসম চৰকাৰে ৰাজ্যৰ গ্ৰামাঞ্চলত ১২,৯১,২১৭টা গৃহ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে ।

কিন্তু ইয়াৰ পাছতো নিজৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈছে অসম । ইফালে অসমকে ধৰি কেইবাখনো ৰাজ্যই আঁচনিখন ৰূপায়ণত ব্যৰ্থ হোৱা দেখি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে । মন্ত্ৰালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে এতিয়াৰে পৰাই নিৰ্ধাৰিত সময়ৰ ভিতৰত গৃহ নির্মাণ কৰিব নোৱাৰিলে প্ৰতিটো গৃহৰ বিপৰীতে ৰাজ্য চৰকাৰখনে জৰিমনা ভৰিব লাগিব ।

সেই অনুসৰি গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰিত হোৱাৰ পাছত অনুমোদন পত্র প্রদানত এটা মাহতকৈ অধিক বিলম্ব কৰিব নোৱাৰিব । যদিহে বিলম্ব কৰে তেনেহ'লে প্ৰথম মাহৰ বাবে প্ৰতিটো ঘৰৰ বাবত দহ টকাকৈ আৰু পৰৱৰ্তী মাহৰ পৰা বিছ টকাকৈ জৰিমনা ভৰিব লাগিব ৰাজ্য চৰকাৰখনে । আনহাতে গৃহ নিৰ্মাণৰ অনুমোদন জনোৱা তাৰিখৰ প্ৰথম সপ্তাহৰ ভিতৰত প্ৰথম কিস্তিৰ ধন মুকলি কৰি নিদিয়ে তেনেহ'লে প্ৰতিটো সপ্তাহৰ বাবত ৰাজ্য চৰকাৰখনে দহ টকাকৈ জৰিমনা ভৰিব লাগিব ।

মন কৰিবলগীয়া কথা যে জৰিমনাৰ পৰিমাণ কিমান সেয়া কোনো ডাঙৰ কথা নহয় যদিও কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি ৰূপায়ণ কৰিব নোৱাৰাৰ বাবে ৰাজ্য চৰকাৰক জৰিমনা বিহিবলৈ ওলোৱা কাৰ্যহে অত্যন্ত গুৰুত্বপূৰ্ণ কথা হিচাপে বিবেচিত হৈছে । এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ জৰিমনা বিহিবলৈ লোৱা পদক্ষেপক ৰাজ্য চৰকাৰখনে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Jal Jeevan Mission Scheme: আমগুৰিত জল জীৱন মিছন আঁচআঁনি ৰূপায়ণত বিসংগতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details