ৰঙিয়া, 20 মে’ : ৰঙিয়াৰ বঙালীকুছিত থকা লক্ষ্মী নাৰায়ণ পেকেজিং ইণ্ডাষ্ট্ৰি নামৰ এই কাৰ্ট’ন উৎপাদন কৰা কাৰখানাত উলংঘা হৈছে ক’ভিড প্ৰট’কল ৷ সান্ধ্য আইন আৰম্ভ হোৱাৰ পাছতো কাৰখানাটোত কৰ্মচাৰীসকলক কাম কৰাবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ তদুপৰি কাৰখানাটোত কৰ্মৰত কৰ্মচাৰীসকলক কোনো ধৰণৰ পৰিচয় পত্ৰ প্ৰদান নকৰাত কামৰ অন্তত ঘৰলৈ যাওঁতে আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয় ৷
আনহাতে চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰ’ণাৰ ভয়াৱহতাৰ বাবে উদ্যোগ-কাৰখানাবোৰত 50 শতাংশ কৰ্মচাৰীক কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে যদিও উক্ত কাৰখানাটোত 90 শতাংশ কৰ্মচাৰীৰ উপস্থিতিত কাম চলি থকাৰো অভিযোগ উত্থাপন হৈছে ৷