অসম

assam

ETV Bharat / state

শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত মতবিৰোধ - ছ‘চিয়েল মিডিয়া

লক ডাউনত ফেচবুক পেজ এডমিন সন্থাই ব্লেক লিষ্টেড কৰিলে কেইবাগৰাকী প্ৰবীণ শিল্পীক ৷

facebook page admin association and artist conflict
শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত মতবিৰোধ

By

Published : May 30, 2020, 3:33 PM IST

গুৱাহাটী,30 মে' : শেহতীয়াকৈ শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত সৃষ্টি হৈছে মতবিৰোধ ৷ দুয়ো পক্ষৰ অভিযোগ প্ৰতি অভিযোগেৰে এতিয়া গৰম হৈ পৰিছে ছ‘চিয়েল মিডিয়া ৷ ঘটনা অনুসৰি লকডাউনৰ সময়ছোৱাত ফেচবুক পেজ এডমিন সন্থাই গান গাবলৈ একাংশ শিল্পীক পেজত লাইভৰ বাবে আহ্বান জনায় ৷

শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত মতবিৰোধ
শিল্পী আৰু ফেচবুক পেজ এডমিন সন্থাৰ মাজত মতবিৰোধ

পেজৰ এডমিনৰ এই আহ্বানক একাংশ শিল্পীয়ে গুৰুত্ব নিদিয়া আৰু অনুষ্ঠান পৰিবেশনৰ বাবে মাননি বিচৰা বুলি অভিযোগ তুলে পেজ এডমিন সন্থাই ৷ একাংশ শিল্পীৰ এনে কাণ্ডত ক্ষোভিত হৈ পেজ এডমিন সন্থাই ব্লেক লিষ্টেড কৰে প্ৰায় ডেৰকুৰি শিল্পীক ৷ ইয়াৰ পাছতেই এনে কাণ্ডত ক্ষোভ প্ৰকাশ কৰিছে একাংশ শিল্পীয়ে ৷

লগতে পঢ়কঃ হোজাইত বনৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক

ABOUT THE AUTHOR

...view details