অসম

assam

ETV Bharat / state

ফেচবুক প্ৰেম; মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ বিবাহিত মহিলা

ফেচবুকত প্ৰেম কৰি মানৱ সৰবৰাহকাৰীৰ কৱলত পলাশবৰীৰ বিবাহিত মহিলা ৷ স্বামীৰ এজাহাৰৰ ভিত্তিত গুজৰাটৰ পৰা সৰবৰাহকাৰীটোক আটক কৰাৰ লগতে মহিলাগৰাকীক উদ্ধাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ৷

Facebook love kidneep

By

Published : Sep 20, 2019, 7:35 PM IST

গুৱাহাটী, 20 চেপ্তেম্বৰ, ঘটনা অনুসৰি উত্তৰ-প্ৰদেশৰ মহেশ কুমাৰ আৰু দক্ষিণ কামৰূপৰ কুলশীৰ এগৰাকী মহিলাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ফেচবুকৰ জড়িয়তে । ফেচবুকতেই ইটো-সিটো মেচেজ কৰি প্ৰথমে বন্ধুত্বৰ পৰা আৰম্ভ হোৱা সম্পৰ্ক হৈ পৰিল প্ৰেমৰ সম্পৰ্ক । সময় বাগৰৰ লগতে লগে সম্পৰ্ক গাঢ় হৈ, ইজনৰ এৰি থাকিবই লোৱাৰ হ'ল আনজন । সম্পৰ্কৰ গভীৰতাই ইমান পালেগৈ যে, সুদুৰ উত্তৰ-প্ৰদেশৰ পৰা আহি প্ৰেমিকা বিবাহিত মহিলা গৰাকীক পলুৱাই লৈ গ'ল যুৱকজনে ৷

Facebook love kidneep

ইপিনে ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে পলাশবাৰী আৰক্ষী চকীত সমগ্ৰ ঘটনাক প্ৰেমৰ অভিনয়ৰে কৰা অপহৰণকাণ্ড হিচাপে গোচৰ ৰুজু কৰে । পৰৱৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতো যুৱকজন নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ কথা সত্য বুলি প্ৰামাণিত হয়৷ পলাশবাৰী আৰক্ষীয়ে 19/407 নম্বৰত গোচৰ ৰুজু কৰি মোবাইল ট্ৰেক কৰি গুজৰাটৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে মহিলাগৰাকীক৷ বৰ্তমান দুয়োকে পলাশবাৰী আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details