গুৱাহাটী, 6 নৱেম্বৰ :অসমবাসীৰ বাবে সু-খবৰ । কিয়নো শুকুৰবাৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখনত দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব বিৰল প্ৰজাতিৰ কেংগেৰু । উল্লেখ্য যে,3 মাহ পূৰ্বে অসম-মিজোৰাম সীমান্তত চোৰাং চিকাৰীৰ কবলৰ পৰা বন বিভাগে উদ্ধাৰ কৰিছিল বিৰল প্ৰজাতিৰ মাকাউ বান্দৰৰ লগতে দুস্প্ৰাপ্য কেংগেৰু । তেতিয়াৰে পৰা অসম ৰাজ্যিক চিৰিয়াখানাত চিকিৎসকৰ তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছিল জন্তু কেইটাক ।
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মন্তব্য লগতে পঢ়ক :মিজো আগ্ৰাসনৰ বিৰুদ্ধে কাছাৰত CPIMৰ প্ৰতিবাদ
প্ৰায় তিনি মাহ চিকিৎসা প্ৰদানৰ অন্তত শুকুৰবাৰে ৰাজ্যিক চিৰিয়াখানাত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিলে বনমন্ত্ৰী পৰিমল শুক্ল বৈদ্যই ৷ শুকুৰবাৰে দুস্প্ৰাপ্য এই জীৱসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাৰতৰ ভিতৰত অসম ৰাজ্যিক চিৰিয়াখানাই একমাত্ৰ চিৰিয়াখানা য’ত এনে বিৰল প্ৰজাতিৰ মাকাউ আৰু দুস্প্ৰাপ্য কেংগেৰু পোৱা যায় ৷
উল্লেখ্য যে,দৰ্শনাৰ্থীৰ আকৰ্ষণৰ বাবে মুকলি কৰাৰ লগতে দুস্প্ৰাপ্য এই জীৱ সমূহৰ যাতে প্ৰজনন ঘটে তাৰ বাবে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰা হৈছে বান্দৰ আৰু মাকাউৰ গৃহকেইটা ৷ কলকাতাৰ অভিজ্ঞ,বিশেষজ্ঞ পশু চিকিৎসকৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা গৃহ কেইটাত প্ৰাণী কেইটা দৰ্শনাৰ্থীৰ বাবে শুকুৰবাৰে মুকলি কৰি দিয়ে ৷
লগতে পঢ়ক :জোনাইত যান-বাহন আইন উলংঘাকাৰীৰ পৰা সংগ্ৰহ জৰিমনা