গুৱাহাটী, ৯ জুলাই :কুখ্যাত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ বৰ্ষত অসম লোকসেৱা আয়োগত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে । ২০১৯ বৰ্ষৰ জুলাই মাহত এই ন্যায়িক তদন্ত আয়োগ চৰকাৰে গঠন কৰিছিল ৷ কিন্তু আয়োগৰ কাৰ্যকাল ৭ জুলাইত অন্ত পৰাত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এক অধিসূচনা যোগে ৮ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যায়াধীশ শৰ্মা আয়োগৰ কাৰ্যকাল ছমাহৰ বাবে বৃদ্ধি কৰিছে ।
২০১৯ চনৰ জুলাই মাহতেই অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বতে এখন উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰি দিছিল । সেই সমিতিৰ প্ৰতিবেদন দাখিলৰ সমান্তৰালভাৱে শৰ্মা আয়োগে লোকসেৱাৰ নিযুক্তি কেলেংকাৰীৰো তদন্ত অব্যাহত ৰাখিছিল । ইতিমধ্যে ২০১৩ বৰ্ষত সন্দেহজনকভাৱে অসম লোকসেৱা আয়োগ (APSC)ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এতিয়াও কৰ্মৰত হৈ থকা ১৯ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ ন্যায়াধীশ শৰ্মা আয়োগে পোন্ধৰ দিনৰ ভিতৰত উত্তৰ বিচাৰি জাননী জাৰি কৰিছে ৷