গুৱাহাটী,৬ নবেম্বৰ:উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক লৈ গঠিত উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিক আৰু অধিক শক্তিশালী কৰাৰ বাবে নতুনকৈ বিষয়ববীয়া নিযুক্তি দিয়া হৈছে(Plans to re -strengthen the Congress in Northeast) । অলপতে নতুন দিল্লীত অনুষ্ঠিত হোৱা সমন্বয়ৰক্ষী কমিটীৰ সভাৰ সিদ্ধান্ত অনুসৰি কমিটিখনত নতুনকৈ বিষয়ববীয়া নিযুক্তি দিয়া হৈছে ।
উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিৰ সম্প্ৰসাৰণ সেই অনুসৰি উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিৰ কাৰ্যকৰী সভাপতি তথা কোষাধ্যক্ষ ববী পাণিকাৰক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ৷ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মন্ত্রী পাৰি ৰিক', প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হেমহৰি পেগু, ত্রিপুৰাৰ গোপাল চন্দ্ৰ ৰয়, প্ৰদেশ কংগ্ৰেছৰ দিগন্ত চৌধুৰী, মণিপুৰৰ প্ৰাক্তন মন্ত্রী কুমাৰী এ কে মীৰাবাই, মেঘালয়ৰ কে লাংখৈ, মিজোৰামৰ চি এছ থাংগা আৰু ছিকিমৰ কৰ্মা থাচি ভুটীয়াক ।
উল্লেখ্য যে, উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী নবাম টুকী(Former Arunachal CM Nabam Tuki) আৰু আহ্বায়কৰ দায়িত্বত আছে সাংসদ প্ৰদ্যুৎ বৰদলৈ । আগন্তুক লোকসভা নিৰ্বাচনৰ(2024 Lok sabha election) প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৰ্বাঞ্চলত দলৰ ভেঁটি সুদৃঢ় কৰাৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ সমন্বয়ৰক্ষী কমিটিক আৰু অধিক শক্তিশালী কৰা হৈছে(North East Congress Coordination Committee) ।
উল্লেখ্য যে, এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত দপদপাই থকা কংগ্ৰেছ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান নিশকতীয়া হৈ পৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ এখনটো কংগ্ৰেছৰ চৰকাৰ নাই । এনে সময়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছৰ ভেঁটি পুনৰ শক্তিশালী কৰাৰ বাবে কংগ্ৰেছৰ দলৰ প্ৰচেষ্টা হাতত লয় । এই প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰ পূৱ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিখন পুনৰ গঠন কৰি শক্তিশালী ৰূপ দিয়াৰ বাবে দলটোৱে গ্ৰহণ কৰে এই পদক্ষেপ(Reconstitutes of North East Coordination Committee) ।
লগতে পঢ়ক:Lok Sabha election 2024: প্ৰাৰ্থিত্বৰ বাবে সমষ্টিয়ে সমষ্টিয়ে শাসকীয় দলে চলাইছে জৰীপ