অসম

assam

By

Published : Feb 4, 2023, 9:50 AM IST

ETV Bharat / state

Expo Organic North East: জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মহানগৰীত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট

খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩ ৷ ছিক্কিম ৰাজ্যিক সমবায় যোগান আৰু বিপণন ফেডাৰেশ্যন লিমিটেড (SIMFED)ৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত কৰা মেলাখন উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

Expo Organic North East is aimed at promoting and disseminating organic farming in Assam
এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩

এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ (College of Veterinary Science) খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩ ৷ ছিক্কিম ৰাজ্যিক সমবায় যোগান আৰু বিপণন ফেডাৰেশ্যন লিমিটেড (SIMFED)ৰ উদ্যোগত আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত প্ৰথমবাৰ আয়োজন কৰা মেলাখনৰ শুকুৰবাৰে উদ্বোধন কৰা হয় । শুকুৰবাৰৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজিত মেলাখন ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই শুভ উদ্বোধন কৰে ।

মেলাৰ শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰয়োজনীয় সজাগতা সৃষ্টি, কৃষিমূলক উদ্ভাৱন আৰু কৃষকসকলৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰ ক্ষেত্ৰত এনেধৰণৰ মেলাই বিশেষ গুৰুত্ব বহন কৰে (Expo Organic North East) ৷

জৈৱিক সামগ্ৰীৰ ৰপ্তানিৰ সম্ভাৱনা বৃদ্ধিৰ দৃষ্টিভংগীৰে আয়োজিত এই এক্সপ’ই জৈৱিক কৃষিৰ লগতে কৃষিভিত্তিক বিভিন্ন বিষয় সামৰি সন্মিলন, মত-বিনিময় অনুষ্ঠান, প্ৰদৰ্শনী আদিৰ জৰিয়তে ৰাজ্যৰ কৃষিজীৱি ৰাইজক যথেষ্ট উপকৃত কৰিব । সফল প্ৰগতিশীল কৃষক, কৃষি বিশেষজ্ঞ আৰু বিজ্ঞানীসকলৰ সহযোগিতা আৰু দিহা-পৰামৰ্শৰ জৰিয়তে আমাৰ কৃষকসকলে জৈৱিক খণ্ডত নতুন সম্ভাৱনাৰ বাট মুকলি কৰিবলৈ সক্ষম হ’ব বুলি মই আশাবাদী (Expo on organic farming in Guwahati)।

মন্ত্ৰীগৰাকীয়ে কয়, আমাৰ চৰকাৰখনে হাতত লোৱা আঁচনিসমূহৰ সুবিধা লৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলকো কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰ হ'বলৈ আহ্বান জনাইছো । বৰ্তমান ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি অধিক উৎপাদন সম্ভৱ । আমাৰ চৰকাৰে এতিয়া বিভিন্ন ফাৰ্ম খুলি কৃষক সকলক প্ৰশিক্ষণ প্ৰদানৰ জড়িয়তে কৃষি উৎপাদনৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে । কৃষকক বজাৰ দিয়াৰ বাবে আমি চেষ্টা কৰিছোঁ । তাৰোপৰি কৃষকক টেক্টৰ, পাৱাৰ টিলাৰ আদি যোগানৰ লগতে জনসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে । শেহতীয়াকৈ ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলো কৃষি খণ্ডৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে ৷

"আন্তঃগাঁথনি উন্নয়ন নহ’লে কৃষি খণ্ডৰ বিকাশ সম্ভৱ নহয় । সেয়েহে আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰচেষ্টা হাতত লৈছে । মাছ উৎপাদনৰ ক্ষেত্ৰত অসম শেহতীয়াকৈ বহুখিনি আগবাঢ়ি গৈছে ৷ চৰকাৰে গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে "। এই কথা উল্লেখ কৰি ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই কৃষক সকলক কৃষি বিভাগৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনাই ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজিত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট ২০২৩ ত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দিল্লী, হাৰিয়ানা, গুজৰাট, জন্মু কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তেলেংগনা, বিহাৰ, পশ্চিমবংগ, ৰাজস্থান, কেৰেলা, কৰ্ণাটক, মহাৰাষ্ট্ৰ ঝাৰখণ্ডকে ধৰি দেশৰ আন কেইবাখনো ৰাজ্যৰপৰা অহা কৃষকে অংশ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:G20 summit in Guwahati: জি ২০ ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ গুৱাহাটীৰ প্ৰথমখন সন্মিলনৰ সামৰণি

ABOUT THE AUTHOR

...view details